দেশৰ প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব নতুন সংসদ ভৱন

Share

২৮ মে’ত উদ্বোধন কৰা হ’ব দেশৰ নৱ নিৰ্মিত সংসদ ভৱন। কিন্তু তাৰ পূৰ্বে আৰম্ভ হৈছে তীব্ৰ বিতৰ্ক। কিয়নো দেশৰ ৰাষ্ট্ৰপতিক নতুন সংসদ ভৱন উদ্বোধনী অনুষ্ঠানত সম্পূৰ্ণৰূপে একাষৰীয়া কৰা হৈছে। সমগ্ৰ অনুষ্ঠানটো প্ৰধানমন্ত্ৰী মোডীময় হৈ পৰাৰ বাবে এতিয়া বিৰোধী দলসমূহৰ মাজত আৰম্ভ হৈছে ক্ষোভ। দেওবাৰ অৰ্থাৎ ২৮ মে’ত অনুষ্ঠিত হ’বলগীয়া নতুন সংসদ ভৱন উদ্বোধনী অনুষ্ঠানত উপস্থিত নাথাকে তৃণমূল কংগ্ৰেছৰ সাংসদসকল।

বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ ভাৰতৰ সৰ্বোচ্চ প্ৰতিষ্ঠান সংসদ ভৱন। সংসদৰ অভিভাৱকেই হল ৰাষ্ট্ৰপতি। কিন্তু  এই সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠানত এলাগী হৈছে দেশৰ সৰ্বোচ্চ সাংবিধানিক পদাধিকাৰ ৰাষ্ট্ৰপতিগৰাকী। সেইহেতুকে, তৃণমূল কংগ্ৰেছে এই অনুষ্ঠান বৰ্জনৰ সিদ্ধান্ত লৈছে।

দলটোৰ ৰাজ্যসভাৰ সাংসদ ডেৰেক ওব্ৰায়েনে টুইট কৰি  প্ৰকাশ কৰে যে, সংসদ ভৱন কেৱল এটা ভৱন নহয়। ই এটা পুৰণি ৰীতি-নীতি, নিয়ম আৰু ঐতিহ্য বজাই ৰখাৰ প্ৰতিষ্ঠান। এয়া ভাৰতৰ গণতন্ত্ৰৰ ভেটি। প্ৰধানমন্ত্ৰীয়ে ইয়াক নাপায়। কিন্তু দেওবাৰে নতুনকৈ যি সাংসদ ভৱন উদ্বোধন হব সেয়া প্ৰধানমন্ত্ৰী মোডীৰ বাবে কেৱল মই, মোৰ, মোৰ বাবে। সেয়ে আমি ইয়াৰ পৰা বাহিৰ হৈছো।

তৃণমূল কংগ্ৰেছেই নহয় আন বহুতো বিৰোধী দলেও এই অনুষ্ঠান বৰ্জনৰ হুংকাৰ দিছে। উল্লেখ্য যে, পদমৰ্যাদা অনুসৰি নতুন সাংসদ ভৱন উদ্বোধনৰ অধিকাৰী কেৱল ৰাষ্ট্ৰপতি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নহয়।

প্ৰণিধানযোগ্য যে, সংসদৰ শীৰ্ষস্থানত আছে ৰাষ্ট্ৰপতি সেয়ে নতুন ভৱন উদ্বোধন কৰা উচিত ৰাষ্ট্ৰপতিৰ হাতেৰে। কংগ্ৰেছৰ প্ৰাক্তন সাংসদ ৰাহুল গান্ধীয়েও দাবী কৰিছিল আৰু সেই দাবীক সমৰ্থন জনাইছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰেও। আনহাতে আম আদমী পাৰ্টীয়েও বৰ্জন কৰিছে এই অনুষ্ঠান।

Leave a Reply

Your email address will not be published. Required fields are marked *