ভাৰতত ড্ৰ’ণেৰে ড্ৰাগছ সৰবৰাহ কৰাৰ আৰত পাকিস্তান

Share

এইবাৰ ড্ৰাগছকলৈ ভয়ংকৰ পৰিকল্পনা পাকিস্তানৰ । পাকিস্তানৰ পৰা ভাৰতলৈ ড্ৰ’ণেৰে ড্ৰাগছ সৰবৰাহ হয় । দক্ষিণ পূব এছিয়াৰ ৰাষ্ট্ৰ সমুহত ড্ৰাগছে ভয়ংকৰ ৰূপ লোৱাৰ সময়তে ড্ৰাগছকলৈ কুটীল ষড়যন্ত্ৰ ৰচিছে পাকিস্তানে । বাৰ্মা ,লাউছ , আৰু থাইলেণ্ডৰ নিকটৱৰ্তী প্ৰতিখন ৰাষ্ট্ৰই ড্ৰাগছৰ সমস্যাত ভাৰাক্ৰান্ত হোৱাৰ সমান্তৰালকৈ ভাৰতেও এই সমস্যা দূৰ কৰিবলৈ গুৰুত্ব প্ৰদান কৰি আহিছে যদিও কোনো সফলতা লাভ কৰা নাই । প্ৰতিদিনে ড্ৰাগছ সৰবৰাহ কাৰী সকলৰ ন ন কৌশলৰ সন্মূখত যেন অসহায় হৈ পৰিছে প্ৰসাশনো । তেনে ঘটনাই ঘটিল পঞ্জাৱত ।

পাকিস্তানৰ পৰা ড্ৰাগছ সৰবৰাহ কাৰীয়ে ড্ৰ’ণৰ সহায়ত ড্ৰাগছ সৰবৰাহ কৰাৰ সময়তে আজি ভাৰতীয় সেনাই গুলিয়াই ড্ৰাগছ সৰবৰাহ কৰা ড্ৰ’ণখন বিধস্ত কৰে । উল্লেখ্য যে সোমবাৰে পাঞ্জাৱৰ সীমান্তৱৰ্তী এলেকাত সীমা সুৰক্ষা বাহিনীয়ে পাকিস্তানৰ পৰা ড্ৰ”ণখন উৰি অহা প্ৰত্যক্ষ কৰে ।তৎক্ষণাত সীমা সুৰক্ষা বাহিনীৰ ১৪৪ নং দলে ড্ৰণখন গুলিয়াই বিধস্ত কৰে আৰু ড্ৰণখনত দুটা হেৰইন প্ৰত্যক্ষ কৰে । প্ৰায় ৩৩কিলো ওজনৰ পেকেট দুটাৰ বজাৰ মূল্য বৰ বেছি নহলেও এনেধৰণে পাকিস্তানে সঘনে ড্ৰাগছ সৰবৰাহ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে নিৰাপত্তা বাহিনীয়ে ।

Leave a Reply

Your email address will not be published. Required fields are marked *