২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ছাত্ৰৰ উত্তীৰ্ণ হাৰ অধিক

Share

বহু অপেক্ষাৰ অন্তত ২০২৩ বৰ্ষৰ আজি ঘোষণা হয় হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল । এইবাৰৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ ছাত্ৰ – ছাত্ৰীৰ সংখ্যা ৪১৫৩২৪ গৰাকী । ইয়াৰ ভিতৰত উত্তীৰ্ণ হয় মুঠ ৩০১৮৮০ গৰাকী ছাত্ৰ -ছাত্ৰী ।  সদ্যঘোষিত হাইস্কুল  শিক্ষান্ত পৰীক্ষাৰ  ৯৪৯১৩ গৰাকী প্ৰথম স্থান , ১৪৮৫৭৩ গৰাকী দ্বিতীয় স্থান আৰু ৫৮৩৯৪ গৰাকী তৃতীয় স্থান লাভ  কৰিছে ।

মুঠ উত্তীৰ্ণ হোাৱা ৩০১৮৮০ গৰাকী ছাত্ৰ – ছাত্ৰীৰ ভিতৰত ১৫৯৫৬ গৰাকী ছাত্ৰী আৰু ১৪২৫২৪ গৰাকী ছাত্ৰ । এই বাৰৰ  হাইস্কুল  শিক্ষান্ত পৰীক্ষাত  মুঠ উত্তীৰ্ণ হাৰ ৭২.৬৯ শতাংশ । আৰু  তাৰ ভিতৰত  ছাত্ৰীতকৈ ছাত্ৰৰ হাৰ বেছি । ছাত্ৰীৰ  হাৰ ৭০.৯৬ শতাংশ আৰু ছাত্ৰৰ হাৰ ৭৪.৭১ শতাংশ ।

Leave a Reply

Your email address will not be published. Required fields are marked *