আজি কংগ্ৰেছে আনুষ্ঠানিকভাৱে উদযাপন কৰিব বিজয় উৎসৱ। বিগত কিছু দিন ধৰি চলি থকা মুখ্যমন্ত্ৰীৰ আসনকেন্দ্ৰিক বাদ বিবাদৰ অন্ত পেলাই আজি নতুন মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিব অভিজ্ঞ ৰাজনীতিবিদ ছিদ্দাৰামায়াই।
ইয়াৰ লগতে উপ-মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিব ডি কে শিৱকুমাৰ। কৰ্ণাটকৰ ৰাজ্যপাল থাৱাৰচান্দ গেহলট তেওঁলোকক পদ আৰু গোপনীয় তাৰ শপতবাক্য পাঠ কৰোৱাব অনুষ্ঠানটি।
আনহাতে উক্ত অনুষ্ঠানটিত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰচখৰ ৰাও, তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টলিন, বিহাৰৰ উপ- মুখ্যমন্ত্ৰী তেজস্বী যাদৱ, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালকে ধৰি দেশৰ আন আন শীৰ্ষ ৰাজনৈতিক নেতা সমূহ অংশ গ্ৰহণ কৰিব।
আজি দুপৰীয়া ১২.৩০ বজাত বেংগালুৰুৰ কান্তিৱাৰা ষ্টেডিয়ামত অনুষ্ঠিত কৰা হ’ব শপত গ্ৰহণ অনুষ্ঠান।