সৌৰভ গাংগুলীলৈ জেড কেটেগৰীৰ নিৰাপত্তা

Share

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ডৰ প্ৰাক্তন সভাপতি সৌৰভ গাংগুলীক জেড কেটেগৰীৰ নিৰাপত্তা প্ৰদান কৰিছে পশ্চিম বংগ চৰকাৰে । 

উল্লখযোগ্য যে, প্ৰশাসনিক পৰ্যায়ত পুনৰীক্ষণৰ অন্তত সৌৰভ গাংগুলীৰ নিৰাপত্তা বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।আনহাতে এতিয়ালৈকে ভাৰতীয় ক্ৰিকেট দলটোৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে ৱাই কেটেগৰীৰ নিৰাপত্তা লাভ কৰিছিল।কিন্ত এতিয়া ইয়াক জেড কেটেগৰীলৈ পৰিৱৰ্তন কৰা হৈছে।

জানিব পৰা মতে , ভি ভি আই পিৰ নিৰাপত্তাৰ দায়িত্বত থকা বিভাগটোৰ পৰ্যালোচনাৰ অন্তত গাংগুলীৰ নিৰাপত্তা বৃদ্ধি কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়া হৈছে ।লগতে ঠাকুৰপুকুৰ আৰক্ষী থানাৰ বিশেষ শাখাৰ বিষয়্সকলে প্ৰাক্তন অধিনায়কগৰাকীৰ ঘৰত উপস্থিত হৈ পৰ্যবেক্ষণ কৰিছে।অৱশ্যে গাংগুলীৰ নিৰীপত্তা  বৃদ্ধিৰ সঠিক কাৰণ আৰক্ষীয়ে স্পষ্ট কৰা নাই ।

Leave a Reply

Your email address will not be published. Required fields are marked *