মে’ মাহত ঘোষণা হ’ব মেট্ৰিক-উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল

Share

বুধবাৰে সংবাদ মাধ্যমৰ আগত  অসমৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ  পেগুৱে সদৰি কৰে যে চলিত মাহৰ ভিতৰত ঘোষণা কৰা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক  চুড়ান্ত পৰীক্ষাৰ ফলাফলসমুহ। মে’ মাহৰ ভিতৰত পৰীক্ষাৰ ফলাফল  সোনকালে দিব পৰাকৈ মাধ্যমিক শিক্ষা পৰিষদ আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ক্ষিপ্ৰ গতিত কাম কৰি আছে বুলি শিক্ষামন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে।

যিহেতু কেইদিনমানৰ আগতে চি বি এছ ইৱে পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে। সেই অনুসৰি ছেবাই অতি সোনকালে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক  চুড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব। ফলাফলৰ দিনা ৱেইবচাইটসমুহ মুকলি কৰি দিয়া হ’ব। 

উল্লেখ্য যে, এই বৰ্ষত  উচ্চ আৰু উচ্চতৰ মাধ্যমিকত প্ৰায় ডেৰ লাখ ছাত্ৰ-ছাত্ৰী অতিৰিক্তভাৱে পৰীক্ষাত অৱৰ্তীণ হৈছে। গতিকে শিক্ষামন্ত্ৰীয়ে পৰীক্ষাৰ ফলাফলৰ সন্দৰ্ভত মে’ মাহত ফলাফল ঘোষণা কৰাৰ স্পষ্টীকৰণ দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *