১৮ মে’ত শপত গ্ৰহণ, কোন হ’ব কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী?

Share

চলিত মাহৰ ১৩ তাৰিখে ঘোষণা কৰা হয় কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ফলাফল। ১৩৬ খন আসনেৰে  নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰি ভাৰতীয় জাতীয় কংগ্ৰেছে বিৰোধীক প্ৰতিহত কৰে। কিন্তু দলটোৱে  ঠিৰাং কৰিব পৰা নাই কোন হ’ব ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী।

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ হৈছে দুজন ব্যক্তিঃ য়থীন্দ্ৰ ছিদ্দাৰামায়া আৰু ডি কে শিৱকুমাৰ। ছিদ্দাৰামায়া পূৰ্বেও কৰ্ণাটকৰ মুখ্যমন্ত্ৰী আছিল আৰু ডি কে শিৱকুমাৰ ৭ বাৰকৈ নিৰ্বাচনত জয়ী হোৱা বিধায়ক।

লক্ষণীয় যে, সমৰ্থকসকলে নিজৰ সমৰ্থন জনোৱা নেতাগৰাকী মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হোৱাতো বিচাৰিছে যদিও তেনেসময়তে দুয়োগৰাকী প্ৰভাৱশালী নেতাই দিল্লীলৈ গৈ হাইকামাণ্ডকো সাক্ষাত্‍ কৰা পৰিলক্ষিত হৈছে।

দুয়োজন নেতাই বৰ্তমান পৰস্পৰৰ প্ৰতি কোনো বিৰূপ মন্তব্য কৰা নাই যদিও বিসম্বাদৰ যুঁজখন জলজল পটপটকৈ মুকলি হৈ পৰিছে। এই সন্দৰ্ভত  মঙলবাৰে ডি কে শিৱকুমাৰ কয়, “বৰ্তমান মুখ্যমন্ত্ৰী পদৰ দাবীদাৰৰ পৰা মই এতিয়া পিছুৱাই দিব নোৱাৰোঁ। কিন্তু নেতৃত্বই যি ক’ব সেইয়া মই মানি ল’ম।” লগতে তেওঁ কয় যে যদিহে দলে বিচাৰে তেনেহ’লে তেওঁক দায়িত্ব দিব পাৰে।

এই লৈ এতিয়া চিন্তিত হৈ পৰিছে কংগ্ৰেছ নেতৃত্ব। কিয়নো, মধ্য প্ৰদেশ, গোৱাকে আদি কৰি আন কেইবাখন ৰাজ্যত দলটোৰ মাজত চলা বিসম্বাদ ৰোধ কৰাত কংগ্ৰেছ নেতৃত্ব ব্যৰ্থ হোৱাৰ ফলত চলি থকা চৰকাৰ পৰ্যন্ত ভাঙি যোৱাৰ উদাহৰণ আছে। তদুপৰি বহু ৰাজ্যত নেতৃত্বক লৈ হোৱা সংঘাটে ইতিমধ্যেই দলটোক ভিতৰি দুৰ্বল কৰি পেলাইছে।

উল্লেখযোগ্য যে, কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব সেয়া নিশ্চিত হোৱা নাই যদিও ১৮ মে’ত শপত গ্ৰহণ কৰিব ৰাজ্যখনৰ ২৪ সংখ্যক নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰীগৰাকী।

 

Leave a Reply

Your email address will not be published. Required fields are marked *