কাজিৰঙাত নিৰ্মাণ কৰা হ’ব ফ’ৰলেনযুক্ত উৰণীয়া সেতু

Share

কাজিৰঙাৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পৰাকৈ পৰ্যটকৰ বাবে বিশেষ সুবিধাৰে কাজিৰঙাত নিৰ্মাণ কৰা হ’ব উৰণীয়া সেতু। ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত নিৰ্মাণ কৰিবলগীয়া ফ’ৰলেনযুক্ত উৰণীয়া সেতুত থাকিব ‘ভিউৱিং প্লেটফৰ্ম’। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে টুইটযোগে  কাজিৰঙা পথ প্ৰকল্প প্ৰগতিৰ পৰ্যালোচনা সন্দৰ্ভত এই কথা সদৰী কৰে। এই উৰণীয়া সেতুৰ সৈতে ৩ কিঃ মিঃ দৈৰ্ঘ্যৰ এক সুৰংগ নিৰ্মাণৰ কাম আৰম্ভ কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে ইতিমধ্যে ফ’ৰলেনযুক্ত উৰণীয়া সেতুৰ ৫০ কিঃ মিঃ দৈৰ্ঘ্যৰ পথৰ কাম আৰম্ভ হৈছে। 

উল্লেখনীয় যে,  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ  মাজেদি পাৰ হৈ যোৱা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত বহু জীৱ-জন্তুয়ে বাহনৰ খুন্দাত প্ৰাণ হেৰুৱাব বা আঘাতপ্ৰাপ্ত হ’ব লগা হয়। সেইমৰ্মে কাজিৰঙাত উৰণীয়া সেতুৰ নিৰ্মাণ কৰাৰ কথা কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ লগতে অসম চৰকাৰে বিবেচনা কৰিছে। 

কাজিৰঙাৰ উৰণীয়া সেতুত ভিউৱিং প্লেটফৰ্মৰ যোগেদি পৰ্যটকসকলে কাজিৰঙাৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পাৰিব। সেয়ে এই পৰ্যটকে কাজিৰঙাৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পৰাকৈ কেতবোৰ নিৰ্দেশ তথা পৰামৰ্শ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আগবঢ়াইছে। 

Leave a Reply

Your email address will not be published. Required fields are marked *