অহা বছৰৰ পৰা সলনি হ’ব শিক্ষক বাছনি পৰীক্ষা

Share

অহা বৰ্ষৰ পৰা ৰাজ্যিক ভিত্তিত হব শিক্ষক নিযুক্তি বাছনি পৰীক্ষা। টেট, বি এড উত্তীৰ্ণ হলেও বহিব লাগিব লিখিত পৰীক্ষাত। বুধবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ সদৰি কৰা অনুসৰি, ৰাজ্যৰ বাহিৰৰ মুকলি বিশ্ববিদ্যালয়ৰ অধীনত অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ বহু যুৱক-যুৱতীয়ে কলেজত এদিনো অধ্যয়ন নকৰাকৈয়ে কেৱল পৰীক্ষাত বহিলেই বি এডৰ প্ৰমাণ পত্ৰ লাভ কৰে আৰু ইয়াৰ ফলত প্ৰকৃত বি এড অধ্যয়নকাৰীসকলে বহু ক্ষেত্ৰত চাকৰিৰ পৰা বঞ্চিত হয়। 

ইয়াৰ পৰিপেক্ষিতত চৰকাৰে অহা বছৰৰ পৰা শিক্ষক পদৰ ক্ষেত্ৰত টেট উত্তীৰ্ণ, বি এড থাকিলেও এটা লিখিত পৰীক্ষাৰ ব্যৱস্থা কৰিব। সেই লিখিত পৰীক্ষাৰ ফলাফলৰ উপৰত ভিত্তি কৰিহে শিক্ষক পদৰ বাবে বাছনি কৰা হব। টেট, বি এড আদি পৰীক্ষা সমূহ শিক্ষক পদৰ বাবে অৰ্হতাহে। 

উল্লেখ্য যে, অহা বছৰৰ পৰা ২০১৪ চনৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াটোৰ নিয়ম সলনি কৰা হ’ব। সেই অনুসৰি, প্ৰাৰ্থীসকল টেট উত্তীৰ্ণ আৰু বি এড ডিগ্ৰীধাৰী হোৱাৰ লগতে ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হবলগীয়া লিখিত পৰীক্ষাতো অৱতীৰ্ণ হ’ব লাগিব। উক্ত পৰীক্ষাত উচ্চতৰ মাধ্যমিক, টেট আৰু বি এডৰ নম্বৰো যোগ হব। তদুপৰি জিলা ভিত্তিক বাছনিৰ পৰিৱৰ্তে ৰাজ্যিক ভিত্তিক বাছনি কৰা হব বুলি জানিবলৈ দি  মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰে যে, ছোৱালী আৰু দ্ব্যাংগসকলক গৃহ জিলা বা চুবুৰীয়া জিলাত নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *