কৰ্ণাটক বিধানসভা নিৰ্বাচন ২০২৩ঃ অন্তিম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ আজি সমাপ্ত হ’ব

Share

কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ আজি সন্ধিয়া ৫ বজাত সমাপ্ত হ’ব। ইয়াৰ লগে লগে ১০ মেত আৰম্ভ হ’ব  ভোটগ্ৰহণ প্ৰক্ৰিয়া।  যোৱা কেইদিনমান ধৰি চলা, নিৰ্বাচনমুখী ৰাজ্যখনত তিনিটা মুখ্য ৰাজনৈতিক দল ক্ৰমে বিজেপি, কংগ্ৰেছ আৰু জে ডি এছয়ে নিৰ্বাচনক লৈ মেগা ৰেলী আৰু ৰোড শ্ব অনুষ্ঠিত কৰিছিল।  

কৰ্ণাটকৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত বিজেপিয়ে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক বিশাল ৰোড শ্বৰ আয়োজন কৰিছে। প্ৰধানমন্ত্ৰীয়ে ২৯ এপ্ৰিলৰ পৰা প্ৰায়  ১৮খন ৰাজহুৱা সভা আৰু ৬ টা ৰোজ শ্ব অংশ লৈছে। ‘ডাবল ইঞ্জিন চৰকাৰ’ৰ ধাৰণাক কেন্দ্ৰ কৰি ৰাষ্ট্ৰীয় সমস্যা আৰু কেন্দ্ৰীয় চৰকাৰৰ কৃতিত্বৰ ওপৰত গুৰুত্ব দিয়া দেখা গৈছে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে আন ৰাজ্যৰ মুখ্যমন্ত্ৰী, নেতাসকলেও নিৰ্বাচনী প্ৰচাৰ চলাই।

আনহাতে,কংগ্ৰেছে মুখ্যতঃ স্থানীয় বিষয়ত গুৰুত্ব আৰোপ কৰিছে। প্ৰথমতে স্থানীয় নেতাসকলে নিৰ্বাচনী প্ৰচাৰত নেতৃত্ব দিয়ে, কিন্তু পিছত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে , প্ৰাক্তন সভাপতি ৰাহুল গান্ধী  আৰু সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰও নিৰ্বাচনী প্ৰচাৰত যোগদান কৰে। কংগ্ৰেছে এই বৰ্ষৰ শেষৰ ফালে হ’বলগীয়া ছত্তীশগড়, ৰাজস্থান আৰু মধ্য প্ৰদেশৰ নিৰ্বাচনত বিজেপিৰ নিৰ্বাচনী যন্ত্ৰক ক্ষতি কৰিবলৈ জোৰদাৰ গতি প্ৰয়োগ কৰি আছে। ইফালে জে ডি এছে, এইচ ডি কুমাৰস্বামীৰ  সৈতে দলৰ পিতৃপুৰুষ দেৱগৌড়াই  এক স্থানীয় প্ৰচাৰ চলাই।

গতিকে এইবাৰৰ কৰ্ণাটকৰ নিৰ্বাচনক লৈ প্ৰত্যেক ৰাষ্ট্ৰীয় দলসমুহে জোৰদাৰ প্ৰচাৰ চলাইছে। লক্ষ্য মাথো ১০ মে লৈ । 

Leave a Reply

Your email address will not be published. Required fields are marked *