বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পৰা বাহিৰ কে এল ৰাহুল

Share

চলিত বছৰৰ জুন মাহৰ ৭ তাৰিখৰ পৰা অষ্ট্ৰেলিয়াৰ বিপক্ষে অনুষ্ঠিত হ’বলগীয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পৰা বাহিৰ হ’বলগীয়া হ’ল ভাৰতৰ সোঁহতীয়া বেটচমেন কে এল ৰাহুলৰ।

চলিত মাহৰ ১ তাৰিখে ৰয়েল চেলেঞ্জাৰছ্ বাংগালুৰুৰ বিৰুদ্ধে খেলখনৰ সময়ত উৰুত গুৰুতৰভাৱে আঘাত পাইছিল ৰাহুলে। যাৰ বাবে তেওঁ সাম্প্ৰতি অনুষ্ঠিত হৈ থকা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ বাকী থকা খেলসমূহতো অংশগ্ৰহণ কৰিব নোৱাৰিব। চিকিৎসকৰ পৰামৰ্শ মতে শীঘ্ৰেই ৰাহুলৰ উৰুৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰা হ’ব। 

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পৰা বাহিৰ হ’বলগীয়া হোৱাত  উদ্বেগ প্ৰকাশ কৰি ৰাহুলে কয়, “একেবাৰে নিৰাশ হৈছোঁ যে অহা মাহত টিম ইণ্ডিয়াৰ সৈতে অ’ভেলত  উপস্থিত থাকিব নোৱাৰিম। নীলা জাৰ্ছী পিন্ধি ঘূৰি আহি মোৰ দেশখনক সহায় কৰিবলৈ মই যিমান পাৰো সকলো কৰিম। সেইটোৱেই মোৰ সদায় প্ৰথম গুৰুত্ব আৰু অগ্ৰাধিকাৰ।” 

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলখন ৭ জুনৰ পৰা ইংলেণ্ডৰ অ’ভেল  খেলপথাৰত ভাৰত বনাম অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’ব। 

উল্লেখযোগ্য যে, বিশ্ব চেম্পিয়নশ্বিপৰ ফাইনেলৰ পৰা কে এল ৰাহুল বাহিৰ হোৱাত চিন্তিত হৈ  পৰিছে বিচিচিআইৰ নিৰ্বাচক সমিটি।

Leave a Reply

Your email address will not be published. Required fields are marked *