এতিয়াৰে পৰা অনলাইন প্ৰক্ৰিয়াৰে আৰম্ভ হব বিনামূলীয়া পাঠ্যপুথি

Share

ক’ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ বিতৰণ কৰা হৈছে বিনামূলীয়া পাঠ্যপুথি ।পাঠ্যপুথি বিতৰণ কৰাৰ লগতে অনলাইন প্ৰক্ৰিয়াৰে উপলদ্ধ হব এই বিনামূলীয়া পাঠ্যপুথিসমূহ।

কাহিলিপাৰা সৰ্বশিক্ষা মিছন সঞ্চালকালয়ত উদ্বোধন কৰা হয় e-text book পদ্ধতিৰ।e text book ৰ লগতে বিনামূলীয়া পাঠ্যপুথিৰ বিতৰণ সন্দৰ্ভত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ এখন সংবাদমেল।১৯টা ভাষাত প্ৰকাশ কৰা হৈছে এই পাঠ্যক্ৰম।কিতাপসমূহ সহজলভ্য কৰাৰ বাবে ডিজিটেলকৰণৰ ব্যৱস্থা গ্ৰহণ ।

৪৭৫খন কিতাপৰ pdf কপি download কৰাৰ সুবিধা পাব সকলো ছাত্ৰ-  ছাত্ৰীয়ে।বুধবাৰে মুকলি কৰা হয় ডিজিটেল পাঠ্যপুথিৰ version e- text book ।এই বিনামূলীয়া পাঠ্যপুথিৰ জৰিয়তে উপকৃত হব ৰাজ্যৰ বহু ছাত্ৰ- ছাত্ৰী।৪৭০খন বিদ্যালয়লৈ প্ৰেৰণ কৰা হব ডিজিটেল device।ইয়াৰ লগতে ১৯ টা ভাষাৰ মাধ্যমত প্ৰস্তুত কৰা হৈছে এই পাঠ্যপুথি।

উল্লেখযোগ্য যে, শিক্ষা সেতু এপ সন্দৰ্ভত শিক্ষামন্ত্ৰী গৰাকীয়ে কৈছে যে -৫৪ হাজাৰ শিক্ষানুষ্ঠানে প্ৰফাইল আপলোড কৰিছে।শিক্ষা সেতু জৰিয়তে শিক্ষক ছাত্ৰ- ছাত্ৰীৰ প্ৰফাইল আপলোড কৰাৰ পিছতে শিক্ষানুষ্ঠানৰ অভাৱ -অভিযোগ লৈ সমস্যা সমাধান কৰিব পাৰিম ।প্ৰায় ১ হাজাৰ ৩ খন শিক্ষানুষ্ঠানে প্ৰফাইল আপলোড কৰিবলৈ বাকী আছে।আৰু ১০ হাজাৰ ব্যক্তিগত আৰু কেন্দ্ৰীয় বিদ্যালয়ে আপলোড কৰিছে।

আনহাতে শিক্ষাৰ সন্মিলনীক অনুৰোধ শিক্ষামন্ত্ৰীৰ -শিক্ষা ব্যৱস্থাক বন্ধকত থৈ সমস্যা সমাধান নহয়।আমি সততাৰে নিষ্ঠাৰে কাম কৰি আছোঁ ।শিক্ষক বদলি কৰণ পৰ্টেলত চালে সকলো দেখা পাব।শিক্ষকৰ নাটনি শিক্ষকৰ বদলি সকলোখিনি কৰিবলৈ যাওঁতে সময় লাগিব বুলি কয় শিক্ষামন্ত্ৰী গৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *