হেমকোষ ব্ৰেইলক গীনিজ বুক অৱ ৱল্ড ৰেকৰ্ডছৰ স্বীকৃতি

Share

অসমীয়া ভাষালৈ অহা বাধাক বিৰোধ কৰি ভাষাটোক জীয়াই ৰখাৰ স্বাৰ্থত ‘ভাষাৰ ওজা’ হেমচন্দ্ৰ বৰুৱাই ‘হেমকোষ’ প্ৰণয়ন কৰে। হেমকোষে বিগত প্ৰায় ডেৰ শতিকাত ভাষাৰ দেউল ৰুপে স্বীকৃতি লাভ কৰিছে। হেমকোষ অসমৰ সৰ্বশ্ৰেষ্ঠ,জনপ্ৰিয় তথা সৰ্বাধিক প্ৰচলিত ‘অসমীয়া- ইংৰাজী’ অভিধান।

১৯০০ চনত প্ৰকাশিত হেমকোষে চতুৰ্দশ সংস্কৰণৰ পিছত সংযোজিত হ’ল নেত্ৰহীনৰ আটাইতকৈ প্ৰয়োজনীয় আৰু বিশ্বৰ ভিতৰতে বিৰল অভিধানৰুপে চিহ্নীত হ’ল ব্ৰেইল সংস্কৰণ।যাৰ জৰিয়তে হেমকোষে বিশ্বজনীন স্বীকৃতি নহয় অভিলেখ গঢ়িবলৈও সক্ষম হ’ল।

ইতিমধ্যে, ‘হেমকোষ প্ৰাণ’ দেৱানন্দ বৰুৱাই সম্পাদনা কৰি যোৱা হেমকোষৰ চতুৰ্দশ সংস্কৰণত ব্ৰেইলৰ সংযোজনে গীনিজ বুক অৱ ৱল্ড ৰেকৰ্ডছত ‘লাৰ্জেষ্ট বাইলেংগুৱেল ব্ৰেইল ডিকচনেৰী’ হিচাপে স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

আজি ভাষাৰ ওজাগৰাকীৰ ১২৭সংখ্যক মৃত্যু তিথিৰ দিনটোতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিবিঞ্চী কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত গীনিজ বুক অৱ ৱল্ড ৰেকৰ্ডছ কৰ্তৃপক্ষই প্ৰদান কৰিলে এই আনুষ্ঠানিক স্বীকৃতি পত্ৰ। অসমৰ ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়া,মন্ত্ৰী পীযুষ হাজৰিকা,গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য,অধ্যাপক ড° প্ৰতাপ জ্য়োতি সন্দিকৈ উপস্থিতিত গীনিজ বুক অৱ ৱল্ড ৰেকৰ্ডছৰ আনুষ্ঠানিক প্ৰতিনিধি ঋষি নাথৰ হাতৰ পৰা বিশ্বৰ দ্বিপাক্ষিক ব্ৰেইল অভিধান হিচাপে এই স্বীকৃতি পত্ৰ গ্ৰহণ কৰে ‘হেমকোষ ব্ৰেইল’ৰ প্ৰকাশক আৰু ‘অসমীয়া প্ৰতিদিন’ৰ সম্পাদক জয়ন্ত বৰুৱাই।

এই ঐতিহাসিক বিৰল মুহূৰ্তৰ সাক্ষী হৈ ৰ’ল ৰাজ্যৰ কেইবাগৰাকীও প্ৰাক্তন উপাচাৰ্যকে ধৰি বিভিন্ন বিশ্ববিদ্যালয়,মহাবিদ্যালয়ৰ অধ্যাপক,দল সংগঠনৰ নেতা,সাংবাদিক,শিক্ষাৰ্থীকে ধৰি সমগ্ৰ লোকে। 

Leave a Reply

Your email address will not be published. Required fields are marked *