অম্বুবাচী মেলা অনুষ্ঠিত কৰা সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক

Share

অম্বুবাচী মেলা সুকলমে অনুষ্ঠিত কৰাৰ বাবে কামৰূপ জিলা উপায়ুক্ত কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত হয়।বৈঠকখনত অংশগ্ৰহণ কৰে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়া,মেলা আয়োজনৰ বিভিন্ন দায়িত্বত থকা বিভাগসমূহৰ বিষয়া আৰু কামাখ্যা দেৱালয়ৰ দলৈসহিতে কেবাজনো প্ৰতিনিধিয়ে।অনুষ্ঠিত হোৱা বৈঠকখনত অহা ২২জুনৰ পৰা ২৬ জুনলৈ হ’বলগীয়া অম্বুবাচী মেলা সম্পন্ন কৰাৰ বাবে বিভাগসমূহে পালন কৰিবলগীয়া দায়িত্বসমূহৰ বিষয়ে আলোচনা কৰে।

বিগত বৰ্ষত ভক্তৰ বাবে পাঁচটা শিবিৰ স্থাপন কৰা হৈছিল যদিও এইবাৰ শিবিৰৰ সংখ্যা বৃদ্ধিৰ চিন্ত-চৰ্চা কৰি থকা হৈছে বুলি  জানিবলৈ দিয়ে অতিৰিক্ত উপায়ুক্ত ড° ধ্ৰুৱজ্যোতি হাজৰিকাই।বৈঠকত মেলাৰ দিনকেইটাত মন্দিৰ চৌহদৰ লগতে সমগ্ৰ গুৱাহাটী মহানগৰী চাফ চিকুণ কৰাৰ সিদ্ধান্ত লোৱাৰ লগতে নামনিৰ পৰা কামাখ্যা মন্দিৰলৈ অহা যোৱা পথ পৰ্যৱেক্ষণ কৰিব বুলিও সিদ্ধান্ত লয়।জালুকবাৰী উৰণীয়া সেঁতু,বালাজী মন্দিৰ,উমানন্দ মন্দিৰ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰ আদি গুৰুত্বপূৰ্ণ স্থানসমূহ আলোকিত কৰাৰ সিদ্ধান্ত লয়।

বৈঠকত অসম পৰ্যটন উন্নয়ন নিগম,ৰে’লৱে,লোক নিৰ্মাণ,এন ডি আৰ এফ,এছ ডি আৰ এফ আদি বিভাগসমূহকো তেওঁলোকৰ দায়িত্বসমূহ ভগাই দিয়া হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *