বিজেপিৰ পৰা পদত্যাগ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

Share

কৰ্ণাটকত বিজেপিৰ খহনীয়া।ৰাজ্য়খনৰ এটাৰ পিছত আন এটা বিজেপিৰ শক্তিশালী নেতাৰ পদত্যাগ।ইতিপূৰ্বে লক্ষ্মণ ছাভাডি আৰু ভেদোপ্পাগৌড়া পাটিল নৰীবলে বিজেপিৰ পৰা পদত্যাগ কৰাৰ পিছতেই বিজেপিৰ পৰা পদত্য়াগ কৰিলে কৰ্ণাকৰ প্ৰাক্তন মুখ্য়মন্ত্ৰী জগদীশ ছেট্টাৰে।

উল্লেখ্য় যে অহা ১০ মে’ত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্য়খনত কংগ্ৰেছ দলে অতি শক্তিশালী ৰুপত উঠাৰ সময়ত ছবাৰৰ বিধায়ক ছেট্টাৰৰ পদত্য়াগ বিজেপিৰ বাবে এটা প্ৰচণ্ড আঘাত।

বিগত তিনিটা দশকত বিজেপিলৈ সেৱা আগবঢ়োৱা প্ৰাক্তন মুখ্য়মন্ত্ৰীজনে হুবালি-ধাৰৱাৰ সমষ্টিৰ পৰা দলীয় পাৰ্থিত্ব বিছাৰিছিল আৰু দলে তেওঁক পাৰ্থিত্ব দিবলৈ সন্মত নোহোৱাৰ বাবেই ছেট্টাৰে দলৰ পৰা পদত্যাগ কৰে আৰু বিধায়ক পদ এৰিব বুলি ঘোষণা কৰে।

ছেট্টাৰে নিজৰ পাৰ্থিত্ব লাভৰ বাবে কৰ্ণাটকৰ মুখ্য়মন্ত্ৰী বাসৱৰাজ বোম্মাইক সাক্ষাৎ কৰাৰ পিছত কেন্দ্ৰীয় মন্ত্ৰী পহ্লাদ যোশী আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ লগতো আলোচনাত মিলিত হৈছিল যদিও আলোচনাই কোনো সফল নধৰিলে।

Leave a Reply

Your email address will not be published. Required fields are marked *