উচাহভৰা অনুশীলন সৰুসজাইত এঘাৰ সহস্ৰাধিক বিহুৱা-বিহুৱতীৰ

Share

বাপতিসাহোন বিহুক বিশ্বদৰবাৰলৈ নিবলৈ সৰুসজাই ষ্টেডিয়ামত চলিছে ব্যাপক প্ৰস্তুতি। ১৪এপ্ৰিলত ঐতিহাসিক ক্ষণৰ সাক্ষী হব অসম। প্ৰত্যকজন অসমীয়াৰ স্বাভিমান বিহু অন্তৰ্ভূক্ত হব গীনিজ বুক অব্ ৱৰ্ল্ড ৰেকৰ্ডছত। ইয়াৰ বাবে ১০এপ্ৰিলৰ পৰা তিনিদিনীয়াকৈ চলিছে বিহুৰ অনুশীলন। সৰুসজাই ষ্টেডিয়ামত ১১,১৪০ গৰাকী বিহুৱা-বিহুৱতীয়ে আৰম্ভ কৰিছে অনুশীলন। ‘মাষ্টাৰ ট্ৰেইনাৰ’সকলৰ নিৰ্দেশত নাচনীসকলে লয়লাস ভংগীত মগ্ন হৈছে বিহু নৃত্যত। ষ্টেডিয়ামৰ চৌহদত ঢোল, পেপা, তাল, গগণাৰ শব্দত ৰজনজনাই গৈছে। আকাশে-বতাহে কেৱল বিহুৰ শব্দই যেন অনবৰতে গোঞ্জৰিত হৈ আছে।

বিশ্ব অভিলেখ সৃষ্টিৰ বাবে বগা, ৰঙা, সেউজীয়া, নীলা বেঙুনীয়া, কলা, হালধীয়া ৰঙৰ মেখেলা-চাদৰ পৰিহিত নাচনীসকলৰ লহৰত সজীৱ হৈ উঠিছে চৰকাৰে নিৰ্ধাৰণ কৰা খেল-পথাৰখন। লগতে সোণত সুৱগা চৰাইছে মুগা কাপোৰৰে প্ৰস্তুত কৰা ঢুলীয়া সকলৰ সাজ-পাৰত সমগ্ৰ পৰিৱেশটোত। যেন এক অনন্য-অনাবিল পৰিৱেশ।

শদিয়াৰ পৰা ধুবৰীলৈ, কোকৰাঝাৰৰ পৰা  হাইলাকান্দিলৈ ত্ৰিশ খন জিলাৰ বিহুৱা-বিহুৱতীয়ে ১৪এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সন্মুখত প্ৰদৰ্শন কৰা বিহুৱে স্থান পাব গীনিজ বুক অব্ ৱৰ্ল্ড ৰেকৰ্ডছত। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সন্মুখৰ পৰা সকলো দিশৰ পৰ্যবেক্ষণ কৰে।

গুৱাহাটীৰ ভিন্ন প্ৰান্তত হোটেল. ল’জ, হোষ্টেলৰ পৰা বাছৰে অহা বিহুৱা-বিহুৱতীসকলে পুৱাৰ ভাগত অনুশীলনত অংশ লয়। ১৩ এপ্ৰিললৈ চলিব এই অনুশীলন। তদুপৰি অভিযোগ উত্থাপনও হৈছে যে একাংশ বিহুৱতীয়ে হোটেলৰ সুবিধা লাভ নকৰাৰ বাবে  সৰুসজাই ষ্টেডিয়ামৰ কাৰ্পেটতে শুই থাকিবলগীয়া হৈছে। অৱশ্য়ে অনুশীলনৰ সময়ত বিহুৱা-বিহুৱতীসকলে সকলো দুখ-কষ্ট পাহৰি বিহুটিক বিশ্বদৰবাৰলৈ নিয়াৰ স্বাৰ্থত চেষ্টা চলোৱাৰ কথা উল্লেখ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *