দিল্লীৰ মুখ্যমন্ত্ৰীক ঔৰংগজেৱৰ সৈতে তুলনা হিমন্ত বিশ্ব শৰ্মাৰ

Share

দেওবাৰে গুৱাহাটী সোণাৰাম খেলপথাৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱাল আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে বিশাল জনসভাত অংশ গ্ৰহণ কৰে। এই সভাত অংশ গ্ৰহণ কৰি দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীক্ষ্ণ বাক্যৰে সমালোচনা কৰে।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱালে অসমৰ লোকে অতিথি আহিলে সন্মান কৰিব জানে কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ সংস্কৃতি নাজানে আৰু তেওঁ অসমৰ সংস্কৃতি শিকাৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰে।

কেজৰিৱালৰ মন্তব্যৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী সৰৱ হৈ কেজৰিৱালক ঔৰংগজেৱৰ সৈতে তুলনা কৰে। লগতে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কটাক্ষ কৰি কয় যে লাচিত বৰফুকনে ঔৰংগজেৱক কোনোধৰণৰ অতিথি পৰায়ণতা কৰা নাছিল। তেনে ক্ষেত্ৰত কেজৰিৱালে অসমৰ পৰা কেনে অতিথি পৰায়ণতা আশা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *