অৰবিন্দ কেজৰিৱালক প্ৰত্যাহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Share

গুৱাহাটীৰ সোণাৰাম হাইস্কুল খেলপথাৰত অনুস্থিত সভাত আপ নেতা অৰবিন্দ কেজৰিৱালে কটাক্ষ কৰাৰ পিছতে সৰৱ হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দিয়া ভাষণত অসমৰ শিক্ষা ব্যৱস্থা ,উন্নয়ন ,স্বাস্থ্য আদিক লৈ কৰা সমালোচনাৰ প্ৰত্যুত্তৰত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কেজৰিৱালক প্ৰত্যাহ্বান জনাই কয় যে মাত্ৰ ডেৰ লাখ কৰ্মচাৰী থকা দিল্লী চৰকাৰত অৰবিন্দ কেজৰিৱালে ক’ৰপৰা ১২ লাখ নিযুক্তিদিলে সেয়া ৰাজহুৱা কৰিব লাগে।লগতে তেওঁ দিল্লীৰ লগত অসমক তুলনা কৰি দিল্লীৰ ৭০ শতাংশ লোকে নৰকত বাস কৰে বুলি মন্তব্য কৰে। ইয়াৰোপৰি ,মা কামাখ্যাৰ তলত সভা অনুষ্ঠিত কৰি অসমৰ ৰাইজক ভুল তথ্য দি বিপথে পৰিচালিত কৰিছে বুলিও মন্তব্য কৰে ।

 ২৮ হাজাৰ চাকৰি দিছো আৰু অহা মে মাহত ১ লাখ চাকৰি দিবলৈ আগবঢ়া বুলি দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক  অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰত্যুত্তৰ দিয়ে। তেওঁৰ মতে কেজৰিৱালৰ প্ৰদৰ্শন যথেষ্ট হতাশজনক । তেওঁ আৰু কয় যে ”অসমৰ মানুহ আম আদমী নহয়, অসমৰ  মানুহ প্ৰকৃততে খাচ আদমি ”। 

Leave a Reply

Your email address will not be published. Required fields are marked *