২০২৬ চনলৈকে অসম হকী সন্থাৰ সভাপতি পদত ড॰ হিমন্ত বিশ্ব শৰ্মা

Share

অসম হকী সন্থাৰ সাধাৰণ সভাত ২০২৬ চনলৈ অসম হকী সন্থাৰ সভাপতি পদত অধিষ্ঠিত হল মুখ্যমন্ত্ৰী  ড॰ হিমন্ত বিশ্ব শৰ্মা। কাৰ্যকৰী সভাপতি পদত ৰাজ্য চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যাণ উপদেষ্টা সমিতিৰ সদস্য সচিব গীতাৰ্থ গোস্বামীক মনোনিত কৰা হয়। এই সভাত ২৬খন জিলাৰ সভাপতি আৰু সাধাৰণ সম্পাদকৰ লগতে কোষাধ্যক্ষসহ প্ৰায় ৮০ জন প্ৰতিনিধি উপস্থিত থাকে। বিভিন্ন জিলাৰ  পৰা অহা প্ৰতিনিধি সকলে মন্তব্য প্ৰকাশ কৰে যে, হকী খেল ক্ষিপ্ৰতাৰে আগুৱাই যাব লাগে।

অসমৰ বিভিন্ন স্থানত হকীৰ প্ৰশিক্ষণ দিব লাগে তাৰ উপৰিও বিশেষকৈ মাজুলী, লক্ষীমপুৰ, বিহপুৰীয়া, বিশ্বনাথ, জোনাই, ডিমা হাচাও, জোনাই, তামুলপুৰ, উদালগুৰি, সোনাপুৰ, চিৰাং, বকো, দুধনৈ, চৰাইদেউ, শিৱসাগৰ, শদিয়া আদি ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষকৰ দ্বাৰাই  প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰস্তাৱ দিয়ে। ইতিমধ্যে চিলাপথাৰৰ ৩০০জন, উদালগুৰিৰ ১২০জন, চৰাইদেউ ২০০জন আৰু শিৱসাগৰৰ ৫০জনক প্ৰশিক্ষণ দি থকা হৈছে। সভাত ২০২৩ বৰ্ষৰ বাবে গুৱাহাটী, বিশ্বনাথ, নাহৰকটীয়া, চৰাইদেউ আৰু ধেমাজিত ল’ৰা-ছোৱালীৰ চাব জুনিয়ৰ, জুনিয়ৰ, চিনিয়ৰ টুৰ্ণামেণ্ট অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ গৃহীত কৰা হয়।

অসম হকী সন্থাৰ মুখ্য পৃষ্ঠপোষক হিচাপে মুখ্যমন্ত্ৰী তথা প্ৰাক্তন অসম হকী সন্থাৰ সভাপতি  ড॰ হিমন্ত বিশ্ব শৰ্মাক ২০২৬চনলৈ সৰ্বসন্মতিক্ৰমে মনোনিত কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *