অসমত স্থাপন হ’ব  উচ্চ নিৰাপত্তাযুক্ত কাৰাগাৰ

Share

অতিশীঘ্রেই অসমত স্থাপন হ’ব উচ্চ নিৰাপত্তাযুক্ত কাৰাগাৰ । কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ পুঁজিৰে নির্মাণ হ’বলগীয়া কাৰাগাৰখনৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰে অসমৰ বিভিন্ন প্রান্তত মাটি বিচৰাৰ কাম আৰম্ভ কৰিছে৷ ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ এক সূত্ৰৰ মতে, বিভিন্ন স্থানত মাটি বিচৰাৰ লগতে কামৰূপ জিলাতো উপযুক্ত মাটিৰ সন্ধান অব্যাহত ৰাখিছে৷ অৱশ্যে এতিয়ালৈকে মাটি চূড়ান্ত হোৱা নাই , হাজোৰ আশে–পাশেই কাৰাগাৰখন নির্মাণ কৰাৰ চূড়ান্ত সম্ভাৱনা আছে বুলি সূত্রত প্রকাশ পাইছে। 

উল্লেখ্য যে কেন্দ্রীয় গৃহ মন্ত্রালয়ে কাৰাগাৰখন নির্মাণৰ বাবে ১০০ কোটি টকাৰ পুঁজি নির্ধাৰণ কৰিছে৷ কাৰাগাৰখন নির্মাণৰ বাবে বিস্তৃত প্রকল্প প্রতিবেদন (ডিপিআৰ) প্রস্তুতৰ কামো বর্তমান চলি আছে৷  গোপনীয়তাৰ খাটিৰত সূত্রটোৱে বিশেষ কথাৰ অৱতাৰণা নকৰাকৈ কয় যে সাধাৰণ কাৰাগাৰত নথকা সকলো ধৰণৰ বিশেষ সুবিধা এই কাৰাগাৰখনত থাকিব৷ সুৰক্ষামূলক ব্যৱস্থাৰ সকলোখিনি সুবিধাই তাত থাকিব৷ কাৰাগাৰৰ কোঠাৰ পৰা প্রৱেশ–প্রস্থানৰ বাবে আটাইবোৰ দুৱাৰ–খিৰিকী অত্যাধুনিক ব্যৱস্থাৰে সংযোজিত থাকিব৷ এক অর্থত সম্পূর্ণ স্বয়ংক্রিয় অত্যাধুনিক ব্যৱস্থাৰ পয়োভৰ ঘটিব কাৰাগাৰখনত৷ যিকোনো পৰিস্থিতিতে কাৰাগাৰত থকা কাৰাবন্দীয়ে যাতে কোনোধৰণৰ অনৈতিক কার্যত লিপ্ত হ’ব নোৱাৰে তাৰ বাবে কঠোৰৰ পৰা কঠোৰতম সুৰক্ষা ব্যৱস্থাসমূহ তাত সংযোজিত হ’ব৷

মন কৰিবলগীয়া যে বিশেষ কাৰাগাৰখনত সকলো ধৰণৰ কাৰাবন্দী ৰখা নহয়৷ সূত্রটোৱে জনোৱা মতে, দেশদ্রোহিতাৰ গোচৰত অভিযুক্ত, ম’ষ্ট ৱাণ্টেড সন্ত্রাসবাদী, ৰাজনৈতিকভাৱে গুৰুতৰ গোচৰত দোষী সাব্যস্ত হোৱা কাৰাবন্দীকহে বিশেষ কাৰাগাৰখনত ৰখা হ’ব৷ 

Leave a Reply

Your email address will not be published. Required fields are marked *