APSC ৰ নিযুক্তি কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড মুকলি আকাশৰ তলত

Share

আজি মুকলি আকাশৰ তললৈ APSC ৰ নিযুক্তি কেলেংকাৰীৰ মূল অভিযোক্ত ৰাকেশ পাল।সুদীৰ্ঘ ৬ বছৰ ৪ মাহ কাৰাগাৰত থকাৰ পিছত আজি মুকলি আকাশৰ তললৈ আহিব ৰাকেশ পাল।

২০১৬ চনৰ ৪ নৱেম্বৰত গ্ৰেপ্তাৰ হৈছিল ৰাকেশ পাল।  দীৰ্ঘ সময় ধৰি কাৰাবন্দী  হৈ থকা ৰাকেশ পালে অৱশেষত ভঙাগড় থানাৰ গোচৰতো লাভ কৰিলে জামিন। আজি কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুকলি কৰা হ’ব ৰাকেশ পালক।

উল্লেখ্য যে, ৰাজ্য জোঁকাৰি যোৱা অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীৰ অধ্যায় আজিও অন্ত পৰা নাই ।এতিয়াও তদন্ত পক্ৰিয়া আগুৱাই যোৱাৰ লগে লগে বহু নতুন নতুন তথ্য পোহৰলৈ আহিয়ে আছে । সেই APSC কেলেংকাৰীৰ খল’নায়ক ৰাকেশ পালক ২০১৬ চনৰ ৪ নৱেম্বৰত ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *