ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক লৈ দেশৰ বিভিন্ন প্ৰান্তত অভ্যাহত আছে প্ৰতিবাদ । ৰাহুল গান্ধীৰ সাংসদ পদ বাতিলৰ প্ৰতিবাদত দিল্লীৰ মহাত্মা গান্ধীৰ সমাধিস্থল’ৰাজঘাট’ৰ লগতে কংগ্ৰেছে দেশজুৰি সত্যাগ্ৰহ কৰে।আদানিৰ কথা কলেই জ্বৰ উঠে বিজেপিৰ। আনহাতে তৎপৰ হৈ উঠে আদানিক সুৰক্ষা দিবলৈ।কেৱল এয়াই নহয় মোৰ শ্বহীদ পিতৃক অপমান কৰে তেওলোকে।সেইজন শ্বহীদৰ পুত্ৰক দেশদ্ৰোহী বুলি কয়।কিন্তু বিজেপিৰ বিৰুদ্ধে গোচৰ দিলে গোচৰ ৰুজু নহয়।এই দৰে মন্তব্য কৰিলে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে।
উক্ত প্ৰতিবাদত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে,ৰাহুল গান্ধী দেশৰ বাবে যুঁজ দিছে।মানুহৰ অধিকাৰৰ বাবে যুঁজিছে।ৰাহুলে পলাতক অৰ্থনৈতিক অপৰাধী সকলৰ কথাহে কৈছিল এনেদৰে মন্তব্য কৰা দেখা গ’ল মল্লিকাৰ্জুন খাৰ্গেক।