মানস ৰাষ্ট্ৰীয় উদ্যানলৈ সুখবৰ

Share

প্ৰকৃতিৰ ৰম্যভূমি বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানে কঢ়িয়াই আনিছে আশাৰ বতৰা । ৰাষ্ট্ৰীয় উদ্যানখনত বৃদ্ধি পাইছে জীৱ -জন্তৰ সংখ্যা । মানসৰ জীৱ -জন্তৰ সংখ্যা বৃদ্ধিৰে প্ৰকৃতিপ্ৰেমীৰ লগতে পৰ্যটকলৈও আনিছে সুখৰ বতৰা । 

প্ৰকৃতিৰ ৰম্যভূমি মানসত বূ্দ্ধি বাঘৰ সংখ্যাও ।ইয়াৰ লগতে বৃদ্ধি পাইছে হাতী ,গ়ঁড়, হৰিণাৰ লগতে বনৰীয়া মহৰ সংখ্যা ।সম্প্ৰতি ৰাষ্ট্ৰীয় উদ্যানখনত প্ৰত্যক্ষ কৰা হৈছে মেথোন ,সোণালী বান্দৰৰ লগতে কেতবোৰ বিলুপ্ত হব ধৰা চৰাই -চিৰিকটিও ।ইফালে জীৱ -জন্ত ক্ষেত্ৰত ৰাষ্ট্ৰীয় উদ্যানখনত গঁড়ৰ সংখ্যা ৫০টাতকৈ অধিক হোৱা বুলি জানিব পৰা গৈছে ।আশা কৰা মতে , বিগত বৰ্ষৰ তুলনাত ৰাষ্ট্ৰীয় উদ্যানখনত বাঘৰ সংখ্যাও যথেষ্ট বৃদ্ধি পাব । ইতিমধ্যে উদ্যানৰ জীৱ -জন্তৰ সংখ্যা বৃদ্ধিৰ পাইছে পৰ্যটকৰ সংখ্যাও 

মানসৰ প্ৰাকূতিক সৌন্দৰ্য উপভোগ কৰিবলৈ ভিৰ কৰিছে দেশী -বিদেশী পৰ্যটকে।উদ্যানখনৰ বাঁহবাৰী ৰেঞ্জৰ ৰেঞ্জাৰ অভিনৱ বৰুৱাই জানিবলৈ দিয়া অনুসৰি এইবাৰ ২০২৩ বৰ্ষত জানুৱাৰী পৰা বৰ্তমান পৰ্যন্ত মানসত ২২ হাজাৰ দেশী -বিদেশী পৰ্যটকে পদাৰ্পণ কৰিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *