পুনৰ বিতৰ্ক অসমীয়া গামোছাক লৈ

Share

বাংলা সাহিত্য সভাৰ ৰাজ্যিক প্ৰতিনিধি সন্মিলনত অসম-বাংলা গামোচাৰ ব্যৱহাৰে বিতৰ্কৰ সৃষ্টি কৰিছে। ২৫ মাৰ্চত নৱগঠিত সাহিত্য সংগঠনটোৰ প্ৰথমখন ৰাজ্যিক পৰ্যায়ৰ সন্মিলন গুৱাহাটীত অনুষ্ঠিত হৈছিল। দুদিনীয়া অনুষ্ঠানটো মালিগাৱ পাণ্ডৱনগৰৰ হিতেশ্বৰ সাহিত্য প্ৰেক্ষাগৃহত আয়োজন কৰা হৈছিল।বৰাক-ব্ৰহ্মপুত্ৰৰ বাংলা ভাষী অসমীয়াসকলৰ বাবে মঞ্চ হিচাপে বাংলা সাহিত্য সভা অসম গঠন কৰা হৈছে।

পুনৰ বিতৰ্ক অসমীয়া গামোছাত। পিছনেৰা হৈছে এটাৰ পিছত এটা বিতৰ্ক। এইবাৰ অসমীয়াৰ স্বাভিমান গামোছাক ভূলকৈ উপস্থাপন কৰিছে বাংলা সাহিত্য সভাৰ। প্ৰথমে GI টেগ, তাৰপিছত পাৱাৰলুমৰ গামোছা নিসিদ্ধকৰণ। সম্প্ৰতিৰ নিদৰ্শন দেখাবলৈ গৈ অপমান কৰা হল গামোছাক। এফালে অসমীয়া গামোছা আনফালে বাংলা গামোছাক কৰা গল একেলগ। দেখা গল দুইৰঙী গামোছা। এই অনুষ্ঠানটোত উপস্থিত আছিল মন্ত্ৰী ৰণোজ পেগু আৰু সাংস্কৃতিক মন্ত্ৰী বিমল বৰাও। শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ ডিঙিটো দেখা গল দুইৰঙী গামোছা। অসমীয়া স্বাভিমান অসমীয়ী জাতীয় জীৱনৰ প্ৰতীক চিহ্ন পোছাক গামোছাক চূড়ান্তভাৱে অপমান। গামোচাক কাটি টুকুৰা কৰি লগালে আন এখন কাপোৰত।

এনে পৰিঘটনাৰ পাছতে ৰাজ্যত দেখা তীব্ৰ প্ৰতিক্ৰিয়া। ইতিমধ্যে দেখা গৈছে ৰাজ্য়ৰ প্ৰান্তে প্ৰান্তে উত্তাল প্ৰতিবাদৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *