কাজিৰঙাত পুনৰ গঁড় নিধন

Share

বিগত বৰ্ষত কাজিৰঙাত এটাও গঁড় হত্যা হোৱা নাই বুলি ৰাজ্য চৰকাৰে গৌৰৱ কৰাৰ সময়তে দেওবাৰে কাজিৰঙাত প্ৰথমটো গঁড় হত্যাৰ ঘটনা সংঘটিত হয় । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ  বাগৰি বনাঞ্চলৰ কাঠপৰা বন শিবিৰ  এলেকাৰ পৰা চাৰি – পাঁচ  দিনৰ পূৰ্বেই চোৰাং চিকাৰীয়ে গঁড় হত্যা কৰি খৰ্গ লৈ পলায়ন কৰে ।

 কাজিৰঙাৰ বাগৰি ৰেঞ্জৰ কাঠপাৰা বনশিবিৰৰ সমীপৰ এখন বিলত চাৰি – পাঁচ দিনৰ পাছতহে খৰ্গহীন গঁড়টোৰ মৃতদেহ উদ্ধাৰ কৰা হয় । ইয়াৰ পৰাই পুনৰ প্ৰমাণ হৈছে  বিশ্বনাথ আৰু মাজুলী আৰক্ষীৰ ব্যৰ্থতা । মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে বিশ্বনাথৰ দিশৰ পৰা চোৰাং চিকাৰী অহা বুলি  আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।

উল্লেখ্য যে , ৬ এপ্ৰিলত কাজিৰঙালৈ আহিব দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ ।তাৰ বাবে সজাই – পৰাই তুলা হৈছে ৰাষ্ট্ৰীয় উদ্যানখন। তাৰ মাজতে চোৰাং চিকাৰীয়ে গঁড় হত্যা  কৰি খৰ্গ কাটি লৈ যোৱাৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য ।ঘটনাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় বন বিভাগ আৰু আৰক্ষীৰ শীৰ্ষ বিষয়াসকল । 

Leave a Reply

Your email address will not be published. Required fields are marked *