অসমৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিলে বাগেশ্বৰ মহাৰাজে

Share

সদাই বিতৰ্কৰ মাজত সোমাই পৰা তথা এজন  বিখ্যাত কথক ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰী আজি অসমলৈ আহিছে। তেওঁ বাগেশ্বৰ ধাম মহাৰাজ বুলি খ্যাত। শাস্ত্ৰী হৈছে ভাৰতৰ মধ্য প্ৰদেশ ৰাজ্যৰ ছত্ৰপুৰ জিলাৰ গড়া গাঁৱৰ এক বিখ্যাত ধৰ্মীয় তীৰ্থস্থান বাগেশ্বৰ ধাম সৰকাৰৰ আচাৰ্য। তেওঁ বুধবাৰে অসমত আহি উপস্থিত হৈছে। ইয়াৰ পিছতেই বাগেশ্বৰ ধাম মহাৰাজে পোনে পোনে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত উপস্থিত হৈ তেওঁক সাক্ষাৎ কৰে। এই তথ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজেই  সামাজিক মাধ্যমৰ জৰিয়তে জনায়।

মুখ্যমন্ত্ৰীয়ে শ্বেয়াৰ কৰা পোষ্টটোত ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীয়ে তেওঁৰ সৈতে বাৰ্তালাপ কৰি থকা দেখিবলৈ পোৱা গৈছে। এই পোষ্টটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লিখে যে, ‘‘আজি বাগেশ্বৰ ধাম সৰকাৰ পণ্ডিত ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীয়ে আমাৰ বাসগৃহ পৰিদৰ্শন কৰি আমাক আশীৰ্বাদ জনাইছে। সুন্দৰ উপহাৰটোৰ বাবে আপোনাক ধন্যবাদ।’’
    আনহাতে কথক ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰী পোনে পোনে  সনাতন গুৰুগৰাকী  শক্তিপীঠ কামাখ্যা দৰ্শন কৰিবলৈ তথা মা কামাখ্যাৰ আশিস ল’বলৈ কামাখ্য়া মন্দিৰত উপস্থিত হৈছে। কামাখ্য়া মন্দিৰত বাগেশ্বৰ বাবাক কাষত পাই তেখেতৰ ভক্তসকল উৎফুল্লিত হৈ পৰিছে।
 

Leave a Reply

Your email address will not be published. Required fields are marked *