বহনক্ষম জীৱন যাপন আৰু জলবায়ু পৰিৱৰ্তনৰ ওপৰত লক্ষ্য কৰি জনসাধৰণক সচেতন কৰাৰ উদ্দেশ্যেৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা এক অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত ‘মিছন লাইভ’ ৰ শুভাৰম্ভ কৰে। উল্লেখ্য যে, মিছন লাইভ হৈছে এনে এক কাৰ্যসূচী যত পৰিৱেশৰ প্ৰতি জনসচেতনতা গঢ়ি তোলা হব। পৰিৱেশৰ অনুকূল জীৱনশৈলীৰে ভৱিষ্যত প্ৰজন্মৰ বাবে এখন সুৰক্ষিত পৃথিৱী গঢ়ি তোলাল বাবে বিগত দিনবোৰত প্ৰধান মন্ত্ৰী গৰাকীয়ে ‘মিছন লাইভ’ শীৰ্ষক পদক্ষেপৰ শুভাৰম্ভ কৰিছিল।
উক্ত কাৰ্যসূচীৰ অধীনত জল সংৰক্ষণ, এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ প্ৰচলন হ্ৰাস কৰা, বহনক্ষম খাদ্য প্ৰণালী গ্ৰহণ কৰা, ইলেকট্ৰ’নিক আৱৰ্জনা সীমিতকৰণ আৰু সুস্বাস্থ্যৰ বাবে অনুকৰণ জীৱনশৈলী প্ৰচাৰ কৰা আদি পদক্ষেপ হাতত লোৱা হৈছে।
এই অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰদানত কৰি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্যক্তিগত আৰু সামূহিক প্ৰচেষ্টাৰ জৰিয়তে বিনন্দীয়া পৃথিৱীৰ সুৰক্ষাৰ ওপৰত গুৰুত্ব দি ২৩ পৰা ২৮ মাৰ্চলৈ পৰিৱেশ অনুকূল জীৱনশৈলীৰ বাবে কাৰ্যসূচী ৰূপায়ণৰ আহ্বান জনাইছে।মানুহে অজানিতে পৰিৱেশ বিনষ্ট কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, বৰ্তমান সময়ত ই এক মানৱ জাতিৰ সন্মুখত ভয়াবহ সমস্যা হিচাপে চিনাক্ত কৰা হৈছে।সজাগতা হৈছে এই সমস্যাৰ সমাধান কৰাৰ একমাত্ৰ উপায় বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।