নিবেদিতা ভৰালী
৩১ জুলাই: মানৱ সৰবৰাহকাৰী চক্ৰৰ কবলৰ পৰা অসম আৰক্ষীয়ে উদ্ধাৰ কৰা কিশোৰ কিশোৰীৰ সতে আজি মুখ্যমন্ত্ৰীয়ে মতবিনিময় কৰে । কোকৰাঝাৰৰ বালাগাঁওস্থিত চিআইটিৰ ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্ম প্ৰেক্ষাগৃহত উপস্থিত হৈ আজি মুখ্যমন্ত্ৰীয়ে এই ৪২ গৰাকী নাৱালিকা কিশোৰ কিশোৰীৰ সতে মত বিনিময় কৰে ।
উল্লেখ্য যে চিৰাং জিলাৰ দাদগিৰি আৰু ৰুণীখাতাৰ বিস্তৃৰ্ণ অঞ্চলৰ পৰা মানৱ সৰবৰাহকাৰীয়ে ৮০ গৰাকী নাৱালিকা কিশোৰ কিশোৰীক চিকিমলৈ চালান দিছিল আৰু ইয়াৰে ৪২ গৰাকী কিশোৰ কিশোৰীক কিছুদিন পূৰ্বে অসম আৰক্ষীয়ে উত্তৰ চিকিমৰ পৰা উদ্ধাৰ কৰিছিল । মানৱ সৰবৰাহকাৰী চক্ৰৰ পৰা শিশুসমুহক উদ্ধাৰ কৰাৰ পিছত আৰক্ষীৰ কঠোৰ নিৰাপত্তাৰ বেষ্টনীত কোকৰাঝাৰ সদৰ চহৰৰ প্ৰশান্তি লজত ৰখা হৈছিল আৰু আজি মুখ্যমন্ত্ৰীয়ে চিআইটিৰ প্ৰেক্ষাগৃহত শিশুসকলৰ সতে মত বিনিময় কৰে ।