বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত পুনৰবাৰ ভাৰতৰ প্ৰৱেশ

Share
২০২১-২৩ বৰ্ষৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত ভাৰতীয় ক্ৰিকেট দলে প্ৰৱেশ কৰিলে।
ক্ৰাইষ্টচাৰ্চত নিউজিলেণ্ডৰ হাতত শ্ৰীলংকাৰ পৰাজয়ৰ পিছতে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল খেলাৰ পথ সুগম হয় ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় টেষ্ট দলটোৰ।
ইংলেণ্ডৰ অভাল ষ্টেডিয়ামত চলিত বৰ্ষৰ ৭ ৰ পৰা ১১ জুনলৈ অনুষ্ঠিত হ’বলগীয়া ফাইনেল মেচখনত ভাৰতে অষ্ট্ৰেলিয়াৰ বিপক্ষে প্ৰতিদ্বন্দ্বিতা কৰিব। মন কৰিবলগীয়া যে, ভাৰতত চলি থকা বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ তৃতীয় টেষ্টত ভাৰতক পৰাস্ত কৰি অষ্ট্ৰেলিয়াই বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিছিল।
উল্লেখযোগ্য যে, যোৱাবাৰো অৰ্থাৎ ২০১৯-২১ বৰ্ষৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলতো ভাৰতে প্ৰৱেশ কৰিছিল। য’ত ভাৰতে নিউজিলেণ্ডৰ বিৰুদ্ধে পৰজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *