মেট্ৰিকৰ ফলাফলকলৈ অসন্তুষ্টি,অনুত্তীৰ্ন ছাত্র-ছাত্রীৰ তীব্ৰ প্ৰতিবাদ

Share

বনিতা বড়ো
৩০ জুলাই : আজি ঘোষণা কৰা হৈছে মেট্ৰিক পৰীক্ষাৰ ফলাফল । কিন্ত সমগ্ৰ ৰাজ্যত ঘোষণা হোৱা ফলাফলৰ মাজতে হোজাইৰ গান্ধী বিদ্যাপীঠ হাইস্কুলত সৃষ্টি হয় তীব্ৰ প্ৰতিবাদ । অনু্ত্তীৰ্ণ ছাত্র – ছাত্রীয়ে সদ্যঘোষিত মেট্ৰিক পৰীক্ষাৰ ফলাফলক লৈ অসন্তুষ্টি প্ৰকাশ কৰি বিদ্যালয়ৰ চৌহদত উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰে । ছাত্র-ছাত্রীয়ে বিদ্যালয়ৰ প্ৰবেশদ্বাৰ বন্ধ কৰি বিদ্যালয়ৰ শিক্ষক – শিক্ষয়িত্রীক আৱদ্ধ কৰি প্ৰতিবাদ কৰাত পৰিস্থিতি উত্তপ্ত হৈ পৰে । বিদ্যালয়খনৰ অনুত্তীৰ্ণ ছাত্র -ছাত্রীক উত্তীৰ্ণ কৰাই দিয়াৰ দাবীত ছাত্র-ছাত্রীয়ে এনে প্ৰতিবাদ সাব্যস্ত কৰে যদিও পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী আৰু চি আৰ পি এফৰ জোৱান উপস্থিত হয় ।
জানিব পৰা মতে,বিদ্যালয়খনৰ পৰা মেট্ৰিক পৰীক্ষাত অৱত্তীৰ্ন হোৱা ৭৮ গৰাকীৰ ভিতৰত মাত্ৰ ১৫ গৰাকী ছাত্র-ছাত্রী উত্তীৰ্ণ হয় । অনু্ত্তীৰ্ন ছাত্র-ছাত্রী সকলে ১ ২ নম্বৰ পোৱা ছাত্র-ছাত্রীক পাছ কৰাই দিয়াৰ দাবীত বহু সময় ধৰি প্ৰতিবাদ অব্যাহত ৰাখে ।

Leave a Reply

Your email address will not be published. Required fields are marked *