বাৰেচহৰীয়া ভাওনাৰ পৰা ইছমাইল হোছেইনক কৰিলে নিষিদ্ধ

Share

জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনাৰ পৰা নিষিদ্ধ কৰিলে বিশিষ্ট সাহিত্যিক তথা সমালোচক ইছমাইল হোছেইনক।  বুধবাৰে নিশা ১৪ নং খলাৰ ‘যুধিষ্ঠিৰৰ ৰাজসূয় যজ্ঞ’ ভাওনাত ভাৱৰীয়া ৰূপত প্ৰৱেশ কৰিছিল ইছমাইল হোছেইনে। কিন্তু ভাওনাৰ উদযাপন সমিতিৰ অনুমতি নোলোৱাকৈ ভাও দি বিপাঙত পৰে ইছমাইল হোছেইন। উদযাপন সমিতিয়ে বহিষ্কৃত কৰে ভাওনা মণ্ডপৰ পৰা ।

উল্লেখ্য যে,  ইছমাইল হোছেইনৰ ভাও সম্পৰ্কে ১৪ নং খলাৰ বিষয়ববীয়া অৱগত নাছিল আৰু ভাৱৰীয়াৰ তালিকাটো নাম নাছিল । ৰজাৰ ভাৱত থকা ইছমাইল হোছেইনক সমিতিয়ে তেওঁৰ পৰিৱৰ্তে অন্য ভাৱৰীয়াক বাছনি কৰিছিল। জামুগুৰিয়া ৰাইজৰ বদনাম কৰিবলৈ তেখেতে এনে কাম কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।  ইছমাইল হোছেইনৰ এই কাৰ্যই বাৰেচহৰীয়া ভাওনাৰ মৰ্যাদা লাঘৱ কৰা বুলি বিভিন্ন জনে মন্তব্য কৰিছে। ইয়াৰ লগতে হিন্দু মুছলমানৰ সমন্বয়ৰ প্ৰতিক এই বাৰেচহৰীয়া ভাওনাত কোনো ভেদা-ভেদ নাই বুলি মন্তব্য কৰিছে ভাওনা উদযাপন সমিতিয়ে। 

ইছমাইল হোছেইনৰ সন্দৰ্ভত উদযাপন সমিতিৰ সাধাৰণ সম্পাদক জয়ন্ত বৰা আৰু কাৰ্যকৰী সভাপতি ভৱ গোস্বামীয়ে , ‘ইছমাইল হোছেইন এজন বিতৰ্কিত মানুহ , তেওঁ বিতৰ্কত সোমাই ভাল পাই’ বুলি মন্তব্য কৰে। 

Leave a Reply

Your email address will not be published. Required fields are marked *