বিহুক লৈ হিমন্তক কটাক্ষ অখিলৰ

Share

“এক লাখ বিশ হাজাৰ কোটি টকাৰ ধাৰত পোঁত গৈ আছে অসম চৰকাৰ। অসমৰ প্ৰতিগৰাকী নাগৰিকৰ মূৰত জাপি দিয়া হৈছে সাতত্ৰিশ হাজাৰ টকাকৈ ঋণৰ বোজা। তাৰ পাছতো ধাৰ কৰা এশ কোটি টকাৰে বিহু নৃত্য কৰিবলৈ যো-জা চলাইছে। ইয়াৰ জৰিয়তে অসম চৰকাৰে পৃথিৱীতে নোহোৱা-নোপোজা কাম কৰিবলৈ ওলাইছে।” — এই মন্তব্য শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈ।

উল্লেখযোগ্য যে দহ হাজাৰ ঢুলীয়া-নাচনীৰে বিহু নৃত্য কৰি গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত নাম অন্তৰ্ভুক্তিৰ বাবে অসম চৰকাৰে চলোৱা প্ৰস্তুতিক হাস্যকৰ আখ্যা দিছে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক গগৈয়ে। ধাৰলৈ লোৱা এশ কোটি টকা খৰচ কৰি চৰকাৰে গীনিজ ৰেকৰ্ডৰ বাবে চলোৱা প্ৰচেষ্টাক কটাক্ষ কৰি বিধায়কগৰাকীয়ে কয় যে ১৪ এপ্ৰিলৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিতিত ৰাইজৰ টকাৰ শৰাধ পাতি বিহু নৃত্যৰ প্ৰদৰ্শনী পতা হ’ব দেশৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীকে এই অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰা হৈছে। ৰাজ্যবাসীৰ মূৰত ঋণৰ বোজা জাপি বিহুক পণ্যকৃত কৰিব বিচৰা কাৰ্যক অখিল গগৈয়ে তীব্ৰ ভাষাৰে সমালোচনা কৰে।

তেওঁ আৰু কয় যে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড ৰাষ্ট্ৰসংঘ বা কোনো চৰকাৰৰ দ্বাৰা স্বীকৃত সংস্থা নহয়। এটা মাত্ৰ সংস্থাৰ এখন কিতাপত নাম অন্তৰ্ভুক্ত কৰিবলৈকে ৰাজকোষৰ এক বৃহৎ পৰিমাণৰ ধন ব্যয় কৰাটো দুৰ্ভাগ্যজনক। এই কিতাপখনত নখ, চুলি, দাড়ি আদি দীঘল কৰি বিভিন্নজনে নিজৰ নাম অন্তৰ্ভুক্ত কৰা দেখা যায়। কিন্তু চমক সৃষ্টিৰ বাবে এখন চৰকাৰে চলোৱা এনে আয়োজনে স্বাভাৱিকতেই ৰহস্যৰ সৃষ্টি কৰিছে।

গগৈয়ে পুনৰ তথ্য দাঙি কয় যে — “মোৰ সমষ্টি শিৱসাগৰত ১৪৮ খন প্ৰাথমিক বিদ্যালৰ টিনেৰে পানী পৰে। এই বিষয়টো মুখ্যমন্ত্ৰীকো অৱগত কৰা হৈছিল। বিহুৰ নামত চৰকাৰে খৰচ কৰিবলৈ ওলোৱা এশ কোটি টকা বিদ্যালয়সমূহৰ উন্নয়নৰ নামত খৰচ কৰিলে ৰাইজৰে ভাল হ’লহেঁতেন। তাকে নকৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ব্যক্তিগত প্ৰচাৰৰ বাবে চমক সৃষ্টিৰ লক্ষ্যৰে ৰাজকোষৰ ধন খৰচ কৰিছে।”

Leave a Reply

Your email address will not be published. Required fields are marked *