এএফচি মহিলা ফুটবল দলক নেতৃত্ব প্ৰদান কৰা অসম কন্যা অপূৰ্ণা নাৰ্জাৰী

Share

ভাৰতীয় ফুটবল দলক নেতৃত্ব প্ৰদান কৰি ইতিহাস সৃষ্টি কৰিছে অসম কন্যা অপূৰ্ণা নাৰ্জাৰীয়ে।অসমৰ মহিলা ফুটবলৰ ইতিহাসত অপূৰ্ণাই হৈছে ভাৰতীয় মহিলা দলক নেতৃত্ব দিয়া একমাত্ৰ মহিলা ফুটবলাৰ।ভিয়েটনামৰ ভিয়েট ট্ৰাই চিটীত অনুষ্ঠিত হৈ থকা ২০ বছৰ অনুৰ্ধ্ব এ এফ চি মহিলা ফুটবল প্ৰতিযেগিতাত ভাৰতীয় দলটোক অপূৰ্ণাই নেতৃত্ব প্ৰদান কৰিছে।

কালি অনুষ্ঠিত হোৱা মেচখনত ভাৰতে ৭-০ গলত ছিংগাপুৰক পৰাজিত কৰে।মেচখনত ষ্ট্ৰাইকৰ অপূৰ্ণাই দুটা গল দিবলৈ সক্ষম হয়।প্ৰথমখন মেচতে বৃহৎ ব্যৱধানত জয়লাভ কৰাৰ পিছতেই উৎফুল্লিত হৈ পৰে।উল্লেখযোগ্য যে কোকৰাঝাৰ জিলাৰ খাগ্ৰাবাৰীৰ জীয়ৰী অপূৰ্ণাই ছাফ ফুটবলতো ভাৰতক প্ৰতিনিধিত্ব কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *