ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান

Share

জামুগুৰিহাট ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনাৰ তৃতীয়দিনা উপস্থিত হয় কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান। মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিলে তৃতীয় দিনাৰ ভাওনা। ভাওনা উদ্বোধন কৰি মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰশাংসগত উল্লেখ কৰে যে, জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনাক বিশ্ব দৰবাৰক পৰিচয় কৰাবৰ বাবে প্ৰচেষ্টা হাতত লব লগতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে বাৰেচহৰীয়া ভাওনাৰ ওপৰত এখন গৱেষণা গ্ৰন্থ প্ৰকাশ কৰিব বুলিও উক্ত ভাষণত উল্লেখ কৰে। ইয়াৰ উপৰিও চৰকাৰ আৰু জনতাৰ সৰ্ম্পকই ২২৬ বছৰীয়া বাৰেচহৰীয়া ভাওনাৰ বিৰল প্ৰচেষ্টাই অধিক শক্তিশালী কৰিছে। এই বাৰেচহৰীয়া ভাওনাৰ ঐতিহ্য আমি এতিয়া গুগলত ৰ্চাছ কৰিলে লাভ কৰিব পাৰিম। 

জামুগুৰিৰহাটৰ বাৰেচহৰীয়া ভাওনাৰ তৃতীয় দিনাৰ কাৰ্যসূচীতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশ গ্ৰহণ কৰা দেখা পোৱা গ’ল। মুখ্যমন্ত্ৰী গৰাকীয়ে ২১ খন খলাত অনুষ্ঠিত  হোৱা ২১ খন ভাওনা উদ্বোধন কৰে। আনহাতে  ৰাজ্য চৰকাৰে বাৰেচহৰীয়া ভাওনা মহোৎসৱ ক্ষেত্ৰ পকামূৰা পথাৰৰ উন্নয়নৰ বাবে দুই কোটি টকা আগবঢ়াব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে সদৰী কৰে।

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *