অহা ১০ মাৰ্চৰ পৰা বিধানসভাৰ বাজেট অধিৱেশন

Share

অহা ১০ মাৰ্চৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত হ’ব। বিধানসভাৰ ঘোষিত কাৰ্যসূচী অনুসৰি, বিধানসভাৰ অধিৱেশন ৫ এপ্ৰিললৈ চলিব। বছৰটোৰ প্ৰথমখন অধিৱেশন সংবিধানৰ ১৭৬(১) নং অনুচ্ছেদ অনুসৰি ৰাজ্যৰ নৱ নিযুক্ত ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়াৰ ভাষণেৰে আৰম্ভ হ’ব।২০২২-২৩ বৰ্ষৰ বাকী থকা পৰিপূৰক মঞ্জুৰিৰ দাবীক লৈ আলোচনা হ’ব।আগন্তুক ২০২৩-২৪ বৰ্ষৰ বাজেট অহা ১৬ মাৰ্চত বিত্তমন্ত্ৰী অজন্তা নেওগে বিধানসভাত বাজেট দাখিল কৰিব।এই বাজেট সন্দৰ্ভত বেচৰকাৰী সদস্য, বিধেয়কসমুহক লৈ আৰু অন্য কাৰ্যসূচীক লৈ আলোচনা অনুষ্ঠিত হ’ব।   

উল্লেখ্য যে,  এই বাজেটক লৈ আগ্ৰহেৰে বাট চাই আছে ৰাজ্যবাসীয়ে । ৰাজ্যত চলি থকা বৰ্তমানৰ অৱস্থা, অৰ্থনৈতিক অৱস্থাক লৈ  এই বাজেটত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিব বুলি ৰাজ্যবাসীয়ে আশা কৰে।গতিকে এইখন বাজেটত কেনে ধৰণৰ সকাহ তথা সুবিধা ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব সেয়া  হ’ব লক্ষণীয়।

Leave a Reply

Your email address will not be published. Required fields are marked *