পৰীক্ষাৰ দ্বিতীয় দিনাও ফাদিল হ’ল প্ৰশ্ন কাকত

Share

বিপদে যেন পিছ নেৰা হৈছে SEBA ৰ ।হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ আজি দ্বিতীয়টো দিন আছিল।এই দ্বিতীয় দিনটোতেও লাগিল কেনা।শিক্ষাৰ্থী সকল কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজৰে পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰাৰ স্বত্বেও, পুনৰ অসম আৰক্ষীৰ নাক কাটিলে এক পৰীক্ষা কেন্দ্ৰই।আৰক্ষীৰ কটকটীয়া নিৰক্ষণৰ পাছতো যেন সকলোবোৰ বাধা নেউচি আজিও গণিত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কৰিবলৈ সক্ষম হৈছিল এচাম দুূষ্টচক্ৰই।

উল্লেখ্য যে যোৱা ইংৰাজী ৩ তাৰিখত আছিল ইংৰাজী বিষয়ৰ পৰীক্ষা।ইংৰাজী বিষয়ৰ পৰীক্ষাৰ প্ৰথম দিনাও ভাইৰাল হৈছিল প্ৰশ্ন কাকত।আজি পুৱা ৯ বজাত আৰম্ভ হৈছিল গণিত বিষয়ৰ পৰীক্ষা।কিন্তু পৰীক্ষা আৰম্ভ হোৱাৰ ১৫ মিনিট পাছতেই আকৌ ভাইৰাল হৈ পৰিছিল প্ৰশ্ন কাকত ।তাৰ পিছতেই কঠোৰ শিক্ষা বিভাগ ।

প্ৰশ্ন কাকত ফাদিল হোৱা সন্দৰ্ভত SEBA ৰ সচিবৰ সৈতে এক জৰুৰী বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই বৈঠকত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে, নকলৰ দৰে কাৰ্য হোৱা পৰীক্ষা কেন্দ্ৰ আৰু প্ৰশ্ন কাকত  ফাদিল হোৱা পৰীক্ষা কেন্দ্ৰ সমুহত বাতিল কৰা হব পৰীক্ষা।পুনৰাই অনুষ্ঠিত কৰা  হব পৰীক্ষা।

 


		

Leave a Reply

Your email address will not be published. Required fields are marked *