এগৰাকী ধৰ্ম-সংস্কাৰক তথা সৎসঙ্গ সংগঠনৰ প্ৰৱৰ্তক যুগুতম পুৰুষ পৰমপ্ৰেমময় শ্ৰীশ্ৰী ঠাকুৰ অনুকুল চন্দ্ৰৰ ১৩৫ তম জন্মোৎসৱ অনুষ্ঠিত কৰা হৈছিল।মাৰ্ঘেৰিটাৰ মিছনৰোড স্থিত সৎসঙ্গ বিহাৰত আয়োজন কৰা হয় এই মহোৎসৱ।
শ্ৰীশ্ৰী ঠাকুৰ অনুকুল চন্দ্ৰৰ মাৰ্ঘেৰিটা স্থিত ভক্তসকলৰ উদ্যোগত প্ৰথমবাৰৰ বাবে এই জন্মোৎসৱৰ বিশাল আয়োজন কৰা হয়।এই জন্মোৎসৱত প্ৰায় ৫সহস্ৰাধিক লোকৰ সমাগম ঘটিছে।ধৰ্মীয় ৰীতি-নীতি তথা পৰম্পৰায়ে অনুষ্ঠিত কৰা হয় এই জন্মোৎসৱ।
এই জন্মোৎসৱৰ লগত সংগতি ৰাখি এক বিশাল শোভাযাত্ৰাৰ আয়োজন কৰা হয়।আধুনিক গীত,মাত আৰু বিভিন্ন সাংস্কৃতিক অনুষ্ঠানে মুখৰিত কৰি তোলে এই জন্মোৎসৱ ।এই জন্মোৎসৱত উপস্থিত থকা সহস্ৰাধিক লোকৰ মুখত হৰিৰ গুনানুকীৰ্তনেৰে মুখৰিত কৰি তোলে সমগ্ৰ মাৰ্ঘেৰিটা বাসীক।