সমগ্ৰ বিশ্বত দুটাকৈ বছৰ সম্পূৰ্ণ নষ্ট কৰি পেলাইছিল ক’ভিডে। ক’ভিড তাণ্ডৱৰ পৰা সাৰি ন’গল উন্নত স্বাস্থ্যখণ্ডৰ ইউৰোপীয়ান দেশসমূহো। ইটালিতো প্ৰায় শেষ হৈ পৰিছিল এটা প্ৰজন্ম। আনফালে দেখা গৈছিল আমেৰিকাৰ চিকিৎসালয় সমূহতো মৃতকৰ দীঘলীয়া শাৰী। সমগ্ৰ বিশ্বৰ লগতে ভাৰততো সেই একে অৱস্থা দেখা গৈছিল। মহামাৰী ক’ভিডৰ প্ৰথমতো ঢৌৱে বিশ্বক প্ৰায় শেষ কৰি পেলোৱাৰ লগতে, শতাধিক মৃতকৰ সংখ্যাই শেষকৃত্য় সম্পন্ন কৰিবলৈ স্থানৰ অভাৱ হোৱাৰ পৰিলক্ষিত হৈছিল।
এই ক্ষেত্ৰত ক’ভিড কিদৰে সৃষ্টি হৈছিল সেই ৰহস্য ভেদ কৰিবলৈ মাৰ বান্ধি উঠিছে দেশসমূহ। তাৰে মাজত আমেৰিকা যুক্তৰাষ্ট্ৰৰ দাবী বিশ্ব স্বাস্থ্য সংস্থাৰ ওপৰত যে ক’ভিড সম্পূৰ্ণকৈ মানৱসৃষ্ট সংকট। তাৰ পাছতহে গা লৰিল বিশ্ব স্বাস্থ্য সংস্থাৰ। অতিকালে সকলো দেশক ক’ভিডৰ বিষয়ে আহৰণ কৰা তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দিছে আমেৰিকা যুক্তৰাষ্ট্ৰই।