মেঘালয় বিধানসভা নিৰ্বাচনত এন পি পি ৰ সফলতা

Share

২ মাৰ্চৰ বৃহস্পতিবাৰৰ পুৱা ১১.১০ বজালৈ নিৰ্বাচনী কমিছন তথ্য অনুসৰি মেঘালয়ৰ মুঠ ৬০ খন বিধানসভা সমষ্টিৰ ২২ খনত  এন পি পি আগবাঢ়ি আছিল। ইয়াৰ লগে লগে এন পি  পিৰ নেতা স্নিয়াৱভালাং ধৰে ১,৯৪৭ ভোটত নৰতিয়াং সমষ্টিৰ পৰা জয়লাভ কৰে। তেওঁ ১৬,৯৬৯ টা ভোটত লালু আৰু নিৰ্দলীয় প্ৰাৰ্থী জেনাৰাছ পাছলেইনৰ বিপৰীতে ভোট লাভ কৰে। 

উল্লেখ্য যে, বৰ্তমানলৈকে এন পি পি দলে ২৩ টা সমষ্টিত জয় লাভ কৰিছে। এয়া বিধানসভা নিৰ্বাচনত এন পি পিৰ প্ৰথম জয়।

ইফালে, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড ছাংমা নেতৃত্বাধীন এন পি পিয়ে ৩০ খন আসনত আগবাঢ়ি থকাৰ বাবে আধা বাট অতিক্ৰম কৰিছিল যদিও পিছলৈ ২৪ খন আসনলৈ আহে। আৰু ইয়াৰ পাছতেই কনৰাড চাংমাই পুনৰবাৰ মেঘালয়ৰ তুৰা সমষ্টিৰ পৰা জয়লাভ কৰে।

মেঘালয়ৰ ৬০ টা বিধানসভা সমষ্টিৰ ভিতৰত ৩৬ টা সমষ্টি জয়ন্তীয়া পাহাৰ আৰু ২৪ টা সমষ্টি গাৰো পাহাৰৰ অঞ্চলত পৰে।

শেহতীয়াকৈ অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ভোটাৰৰ হাৰ আছিল ৬৩.৯১ শতাংশ  । ইয়াত সন্নিৱিষ্ট থকা ২১ লাখৰো অধিক ভোটাৰৰ  ভিতৰত  ১০.৯৯ লাখ মহিলা আৰু ১০.৬৮ লাখ পুৰুষ।  

Leave a Reply

Your email address will not be published. Required fields are marked *