বিশিষ্ট বৈষ্ণৱ পণ্ডিত লীলাকান্ত মহন্তৰ দেহাৱসান 

Share

বিশিষ্ট বৈষ্ণৱ পণ্ডিত তথা শিৱসাগৰ জিলাৰ কোঁৱৰপুৰত অৱস্থিত শ্ৰী শ্ৰী বৰখাতপাৰ সত্ৰৰ পূজ্যপাদ সত্ৰাধিকাৰ শ্ৰী লীলাকান্ত মহন্তদেৱৰ ৰবিবাৰে নিশা ২.১৫ বজাত পৰলোকপ্ৰাপ্তি ঘটে । বিশিষ্ট বৈষ্ণৱ পণ্ডিত গৰাকী বিগত কিছু দিনৰ পৰাই অসুস্থ অৱস্থাত আছিল । তেওঁক ৩১ জানুৱাৰীত অসম চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড়ত সংকটজনক অৱস্থাত চিকিৎসাধীন কৰোৱা হৈছিল।

মহাপুৰুষীয়া সাহিত্যৰ এজন উচ্চ স্তৰীয় সাধক লীলাকান্ত মহন্তই কেইবাখনো উল্লেখযোগ্য গ্ৰন্থ ৰচনা কৰিছিল । তাৰ ভিতৰত মহাপুৰুষীয়া ধৰ্মত বৈদিক ক্ৰিয়া কৰ্মৰ বিচাৰ, ব্ৰহ্মপ্ৰাণৰ কাহিনী, বাসুদেৱ মূৰ্তিৰ আলৌকিক আৱিৰ্ভাৱ, নামঘোষ‍া মাধুৰ্য্য আদি অন্যতম । গুৰুজনাৰ আৰ্হিত তেওঁ ৰচনা কৰা কেইখনমান উল্লেখযোগ্য অংকীয়া নাট হ’ল সুৰুচি দৰ্পচূৰ্ণ, ধ্ৰুৱৰ স্বৰ্গাৰোহণ, উষা-অনিৰুদ্ধ, ইন্দ্ৰদূম্ন্য উপাখ্যান, হৰিচন্দ্ৰৰ উপাখ্যান, সুন্দৰাকাণ্ড অন্যতম ।  ভাওনাক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত তেওঁৰ আছে বিশেষ অৰিহণ‍া ।

লীলাকান্ত মহন্তই ১৯৭০ চনতেই দিল্লীৰ বৃন্দাবনত সাংস্কৃতিক দল লৈ ভাওনা প্ৰদৰ্শন কৰিছিল । ২০০৫ চনত মুম্বাইৰ সন্যাস আশ্ৰমত অনুষ্ঠিত হোৱা ভাৰতৰ আচাৰ্য সন্মিলনত অংশ লৈ হিন্দু ধৰ্মৰ ৰক্ষণাবেক্ষণৰ ওপৰত বক্তব্য প্ৰদান কৰিছিল এই গৰাকী বিদগ্ধ পণ্ডিত গৰাকীয়ে ।

এই গৰাকী বৈষ্ণৱ পণ্ডিতৰ অসুস্থতাৰ খবৰে তেওঁৰ গুণগ্ৰাহী সকলক চিন্তিত কৰি ৰাখিছিল । চিকিৎসালয়ত থকাৰ সময়তো তেওঁ ভাগৱত চৰ্চা, ভাগৱত শ্ৰৱণ, ভাগৱত পাঠ অব্যাহত ৰাখিছিল ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *