ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধৰ আজি এটা বছৰ সম্পূৰ্ণ হৈছে। যুদ্ধৰ ভয়াবহতা ৰূপ সমগ্ৰ বিশ্বই অনুভৱ কৰিছে। বিগত এবছৰ ধৰি এই যুদ্ধ নিৰন্তৰ ভাৱে চলি আছে।ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ২০২২ চনৰ ২৪ ফেব্ৰুৱাৰী ইউক্ৰেইনত তেওঁৰ বিশেষ সামৰিক অভিযান ঘোষণা কৰিছিল। তাৰ পিছত তেওঁ কয় যে ৰাছিয়াৰ উদ্দেশ্য ইউক্ৰেইন দখল কৰা নহয়, কিন্তু ইয়াক অসামৰিকৰণ কৰা। ইয়াৰ প্ৰত্যুত্তৰত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে কৈছিল, যদি তেওঁ আক্ৰমণ কৰে, আক্ৰমনৰ মুখামুখি হম।
এফালে ৰাছিয়া যুদ্ধৰ অসামৰিকৰণত সীমাবদ্ধ হৈ ৰোৱা নাই আনহাতে ইউক্ৰেনেও হাৰ মনা নাই। বৰ্তমানলৈকে কোনো এখন দেশে এই যুদ্ধ জয় কৰিব পৰা নাই আৰু পৰাজিত ও হোৱা নাই। ৰাছিয়াই ইউক্ৰেইনৰ বিভিন্ন বসতিপূৰ্ণ ধুনীয়া চহৰবোৰ ধ্বংস কৰিছে। হাজাৰ হাজাৰ লোক ইতিমধ্যে নিহত হৈছে। এই যুদ্ধত ইউক্ৰেইনত বৃহত পৰিমানৰ ধ্বংস হৈছে। আনহাতে ৰাছিয়া ক্ষতিগ্ৰস্ত হৈছে। ইউক্ৰেইন ৰাছিয়াই যুদ্ধই বিশ্বৰ অৰ্থনীতিত প্ৰভাৱ পেলাইছে। বিগত এবছৰত ৰাছিয়াই ইউক্ৰেইনৰ মুখ্য চহৰ আৰু বন্দৰসমূহ দখল কৰিছে। এই যুদ্ধত ১.৮০ লাখ ৰাছিয়ান সৈন্য আৰু ১,০০,০০০ইউক্ৰেইনৰ সৈন্য নিহত বা আহত হব পাৰে। ইউক্ৰেইনৰ মতে ২০২৩ চনৰ ২৩ ফেব্ৰুৱাৰী ১,৪৫,৮৫০ জন ৰাছিয়ান সৈন্য নিহত হৈছে। অৱেশ্যে ভলোডিমিৰ জেলেনস্কিয়ে কেতিয়াও তেওলোকৰ সৈন্যসকলৰ মৃত্যুৰ সংখ্যা ৰাজহুৱা কৰা নাই।