দ্বিতীয়বাৰৰ বাবে টি ২০ বিশ্বকাপত বিজয় সাব্যস্ত ভাৰতীয় মহিলা দলৰ

Share

ভাৰতীয় মহিলা দলে টি ২০ বিশ্বকাপত  টি ২০ হৰমনপ্ৰীত কৌৰৰ নেতৃত্বত দ্বিতীয়টো জয় লাভ কৰিছে। তেওঁলোকে দ্বিতীয়খন খেলত ৱেষ্ট ইণ্ডিজক ৬ উইকেটত পৰাস্ত কৰে।

ভাৰতীয় মহিলা দলে অব্যাহত ৰাখিছে সুন্দৰ প্ৰৰ্দশন। ইয়াৰ পূৰ্বে পাকিস্তানত ৭ উইকেটত পৰাস্ত কৰিছে। এই খেলখনত ৱেষ্ট ইণ্ডিজে প্ৰথম বেটিং কৰি ৬ উইকেটত ১১৮ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে ভাৰতীয় দলটোয়ে ১৮.১ অভাৰত ৪ উইকেটত লক্ষ্য প্ৰাপ্ত কৰে । হৰমনপ্ৰীত কৌৰে ৩৩ ৰাণ আৰু ৰিচা ঘোষে ৪৪ ৰাণ কৰি নট আউট হৈ থাকে।

৩.২ অভাৰৰ পিছত উইকেট অবিহনে স্ক’ৰ আছিল ৩২ ৰাণ। কিছুসময়ৰ বাবে দলটো বিপদত কৰে যদিও স্ক’ৰ হয়গৈ ৩ উইকেটৰ বিনিময়ত ৪৩ ৰাণ। শ্বাফালী বাৰ্মাই ২৩ টা বলত ২৮ ৰাণ, স্মতি মান্ধানাই ৭ টা বলত ২৮ আৰু জেমিমা ৰড্ৰিগছে ৫ টা বলত মাত্ৰ এক ৰাণ সংগ্ৰহ কৰি আউট হয়।বিজয় নিশ্চিত কৰিবলৈ হৰমনপ্ৰীত কৌৰ আৰু ৰিচা ঘোষে ৭২ সংগ্ৰহ কৰে। হৰমনপ্ৰীতে ৪২ টা বলত ৩৩ ৰাণ কৰে আৰু ৰিচাই ৩২ টা বলত ৪৪ ৰাণ কৰি নট আউট হৈ থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *