সফল সমাপ্তিৰ প্ৰচাৰেৰে ত্ৰিপুৰাৰ নিৰ্বাচনৰ সামৰণি ড° হিমন্ত বিশ্ব শৰ্মাৰ

Share

বুধবাৰে ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰৰ অভিযানৰ সামৰণি পৰিল। ১৬ ফেব্ৰুৱাৰীত ভোটগ্ৰহণ হবলগীয়া ত্ৰিপুৰা নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই চাৰিখনকৈ বিশাল নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে।  ৰাজ্যখনৰ পবিয়াছেৰাত দলীয় প্ৰাৰ্থী মনোজকান্তি দেৱ, ছাওমানুত দলীয় প্ৰাৰ্থী শম্মুলাল চাকমা আৰু পেছাৰথালত দলীয় প্ৰাৰ্থী সাত্বনা চাকমাৰ হৈ ড° হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলায়। সুদীৰ্ঘ ১০টা  দিন ত্ৰিপুৰাত নিৰ্বাচনী প্ৰচাৰ চলায় ড° হিমন্ত বিশ্ব শৰ্মাই। তেওঁ ৩৫খন বিশাল জনসভাত অংশগ্ৰহণ কৰাৰ লগতে ২,৫০০ কিলোমিটাৰ পথ  ভ্ৰমণ কৰে।  সমাগত নিৰ্বাচনী প্ৰচাৰৰ জনসাধৰণৰ মাজত উৎসাহ আৰু বিপুল সহাৰি দেখি ড° হিমন্ত বিশ্ব শৰ্মাই আশা প্ৰকাশ কৰিছে। মা-ত্ৰিপুৰা সুন্দৰীয়ে সদায়ে শান্তিকামী  ত্ৰিপুৰাবাসীক আৰ্শীবাদ কৰিব বুলিও আশা প্ৰকাশ কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।

Leave a Reply

Your email address will not be published. Required fields are marked *