যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ প্ৰাক্তন শিক্ষাৰ্থীসকলৰ সতীৰ্থ সন্মিলনৰ প্ৰস্তুতি

Share

উত্তৰ পূৰ্বাঞ্চলৰ উচ্চ শিক্ষাৰ এক অগ্ৰণী প্ৰতিষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়। কৃ্ষ্ণচূড়াৰ নগৰী গুৱাহাটী বিশ্ববিদ্যালয়ৰ ন-পুৰণি প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰে জীপাল কৰি তুলিব বিশ্ববিদ্যালয়খনৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগ  । ১৯৬৭ চনতেই প্ৰতিষ্ঠিত হোৱা ঐতিহ্যমণ্ডিত যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰথমখন “সতীৰ্থ সন্মিলন” অহা ১৯ মাৰ্চ ২০২৩ তাৰিখে এদিনীয়াকৈ অনুষ্ঠিত কৰিবলৈ আয়োজন কৰা হৈছে।এই  সম্পৰ্কে মংগলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেলৰ আয়োজন কৰা হৈছে। এই সংবাদমেলখন বিভাগৰ মুৰব্বী অধ্যাপক তথা সতীৰ্থ সন্মিলনৰ পৃষ্ঠপোষক ড° চন্দন কুমাৰ গোস্বামী,উদযাপন সমিতিৰ সাধাৰণ সম্পাদক ড° ৰবীন্দ্ৰ শৰ্মা আৰু প্ৰচাৰ সমিতিৰ আহ্বায়ক ড° নীলাক্ষী কলিতাই আয়োজন কৰে।

সতীৰ্থ সন্মিলন উদযাপন সমিতিৰ পৃষ্ঠপোষক তথা বিভাগৰ মুৰব্বী অধ্যাপক ড° চন্দন কুমাৰ গোস্বামীয়ে তেওঁৰ বিবৃতিত কয় যে ১৯৬৭ চনত প্ৰতিষ্ঠা হোৱা এই বিভাগটোৰ সকলো প্ৰাক্তন ছাত্ৰ-ছাত্ৰীক সংযোগ কৰাৰ লক্ষ্যৰে এই সন্মিলনখনি আয়োজন কৰা হৈছে। সন্মিলনখনিৰ লগত সংগতি ৰাখি পতাকা উত্তোলন, শ্বহীদ তৰ্পন, ৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্তৃতা অনুষ্ঠান, ন-পুৰণি ছাত্ৰ-ছাত্ৰী সকলৰ অন্তৰঙ্গ আলাপ অনুষ্ঠান,সাংস্কৃতিক সন্ধিয়া আয়োজন কৰা হৈছে।সতীৰ্থ সন্মিলনখনিৰ স্মৃতি ধৰি ৰখাৰ প্ৰয়াসেৰে স্মৃতিগ্ৰন্থ এখনি প্ৰকাশৰো যো-জা কৰি থকা হৈছে।তেখেতে প্ৰাক্তন শিক্ষাৰ্থীসকলক যোগদানৰ বাবে গুগল ফৰ্ম পূৰণ কৰি সদস্যভৰ্তি হ’ব পাৰিব বুলিও উল্লেখ কৰিছে। এই  সম্পৰ্কে বিষদভাৱে জানিবলৈ ফেচবুক পেজ : Alumni Association-  DCJGU অথবা ৯৮৫৪০৭২০৯৬,  ৯৪৩৫০১৯১৩১ আৰু ৮৭৬১০৪২৯৮৯ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *