৮৩ বিঘা ভূমিত গঢ়ি তোলা হ’ব ৰংঘৰৰ ঐতিহ্য-সাংস্কৃতিক প্ৰকল্প

Share

গুৱাহাটী, ৩০ জানুৱাৰী : এছিয়াৰ প্ৰথমটো পেভিলিয়ন ৰূপে খ্যাত ঐতিহাসিক ৰংঘৰক কেন্দ্ৰ কৰি অসম চৰকাৰে বৃহস্পতিবাৰে  ৰংঘৰৰ প্ৰচাৰ, সংবৰ্ধন আৰু সৌন্দৰ্যবৰ্ধনৰ প্ৰতি লক্ষ্য ৰাখি এক মতামত অনুষ্ঠানৰ আয়োজন কৰে। শিৱসাগৰৰ যুৱদল প্ৰেক্ষাগৃহত আয়োজিত এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাজনো মন্ত্ৰী আৰু গণ্যমান্য বহু ব্যক্তি উপস্থিত থাকে। 

এই মতামত অনুষ্ঠানত ৰংঘৰৰ চৌহদ সম্প্ৰসাৰণ আৰু বিভিন্ন সা-সুবিধা উপলব্ধ আন্তগাঁথনিৰ বাবে ৮৩ বিঘা মাটি অধিগ্ৰহণ কৰা হয় আৰু লগতে লোক নিৰ্মাণ বিভাগৰ দ্বাৰা এই প্ৰকল্পৰ আৰ্হি প্ৰস্তুত কৰা  হয়। এই প্ৰকল্পটোত পাঁচ হাজাৰ আৰু দুই হাজাৰ  আসনসম্পন্ন এম্পিথিয়েটাৰ, পৰম্পৰাগত সাজ-পোছাক পৰিদৰ্শনৰ বিপণী, থলুৱা খাদ্য-সম্ভাৰ উপলব্ধৰ লগতে ভুমিসংলগ্ন গেলেৰীৰ সৈতে আলোক আৰু আৱহ সংগীত প্ৰদৰ্শনৰ ব্যৱস্থা থাকিব।

এই প্ৰকল্পটোৰ সন্দৰ্ভত লাভ কৰা পৰামৰ্শসমূহ চালি-জাৰি চাই নতুন বৰ্ষৰ বাজেটত ৰংঘৰৰ ঐতিহ্য ৰূপায়নৰ বাবে প্ৰচেষ্টা কৰা হ’ব মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।  

Leave a Reply

Your email address will not be published. Required fields are marked *