১৬ বছৰ আগৰ ইতিহাসৰ পুনৰাবৃত্তি শ্বেফালী বৰ্মাই ৰচিলে ইতিহাস

Share

২৯ জানুৱাৰী দেওবাৰে শ্বেফালী বৰ্মাৰ নেতৃত্বত ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে ১৯ বছৰ অনুৰ্ধ্ব টী-২০ মহিলা বিশ্বকাপত জয়লাভ কৰি দেশৰ বাবে সুনাম কঢ়িয়াই আনিছে । ১৬ বছৰ আগতে ২০০৭ চনত ধোনীৰ অধিনায়কত্বত ভাৰতে প্ৰথমবাৰৰ বাবে টী-২০ বিশ্বকাপ চেম্পিয়ন হৈছিল । ১৬ বছৰ পিছত  মহেন্দ্ৰ সিং ধোনীয়ে যি ইতিহাস ৰচিছিল সেই একেই ইতিহাসৰ পুনৰাবৃত্তি কৰিলে শ্বেফালী বৰ্মাই । 

দক্ষিণ আফ্ৰিকাৰ চেনৱেজ পাৰ্কত  অনুষ্ঠিত হৈ থকা মহিলাৰ ১৯ বছৰ অনুৰ্ধ টী-২০ বিশ্বকাপৰ ফাইনেল খেলখন ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হৈছিল। প্ৰথমবাৰৰ  বাবে অনুষ্ঠিত হোৱা ১৯ বছৰ অনুৰ্ধ মহিলা টী-২০ বিশ্বকাপত দুয়োটা দলে ইতিহাসৰ সৃষ্টিৰ বাবে আপ্ৰাণ চেষ্টা কৰিছিল। 

শ্বেফালীৰ নেতৃত্বত ভাৰতীয়  মহিলা দলে ফাইনেলত  ইংলেণ্ডৰ সকলো উইকেট মাত্ৰ ৬৮ ৰাণত আউট কৰে। ইয়াৰ উপৰি  ভাৰতে মাত্ৰ ৩টা উইকেট হেৰুৱাই নিজৰ লক্ষ্যত উপনীত হয়। ভাৰতে মুঠ ৬৯ ৰাণ সংগ্ৰহ কৰি ১২০ টা বলত ৩৮ টা বল বচাই  ইংলেণ্ডৰ বিৰুদ্ধে জয় লাভ কৰিবলৈ সক্ষম হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *