২০২৩ বৰ্ষৰ পদ্মশ্ৰী সন্মান লাভ কৰিলে অসমৰ তিনিগৰাকী ব্যক্তিয়ে

Share

গুৱাহাটী, ২৭ জানুৱাৰী :  প্ৰতিবছৰৰ দৰে এইবছৰো গণতন্ত্ৰ দিৱস উপলক্ষে কেন্দ্ৰীয় চৰকাৰে সন্মানীয় বঁটা পদ্মশ্ৰী সন্মান ঘোষণা কৰে। বিগত ২৫ জানুৱাৰী, বুধবাৰে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা, ২০২৩ বৰ্ষৰ পদ্মশ্ৰী সন্মান লাভ কৰিবলৈ সক্ষম হয় অসমৰ তিনিগৰাকী বৰেণ্য ব্যক্তিয়ে। সন্মানীয় পদ্মশ্ৰী অসমৰ পৰা লাভ কৰা ব্যক্তি কেইগৰাকী হ’ল – হেমপ্ৰভা চুতীয়া, হেমচন্দ্ৰ গোস্ৱামী আৰু ৰামকুইৱাংবে জেন।

মৰাণৰ শিপিনী হেমপ্ৰভা চুতীয়াই শংকৰদেৱৰ গুণমালা, মাধৱদেৱৰ নামঘোষা আৰু গীতাৰ শ্লোক নিজৰ তাঁতশালত বৈ উলিয়ায় আৰু যাৰ বাবে তেখেতক এই সন্মান প্ৰদান কৰা হয়। লগতে নতুন চামগুৰি সত্ৰৰ বিশিষ্ট মুখাশিল্পী হেমচন্দ্ৰ গোস্বামীলৈ মুখা শিল্পৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে এই সন্মান প্ৰদান কৰে। আনহাতে, ডিমা হাচাওৰ ৰামকুইৱাংবে জেন, তেখেতৰ ভুমিকা হেৰাকা সম্প্ৰদায় সংৰক্ষণৰ বাবে , এই সন্মান প্ৰদান কৰা হয়। কলা, সামাজিক আৰু ৰাজহুৱা বিষয়ত তেওঁলোকৰ নিজ নিজ অৱদানৰ স্বীকৃতিস্বৰূপে তেখেতসকলক এই সন্মানৰ বাবে বাছনি কৰা হৈছে।

এইবছৰ মুঠ ৬ গৰাকীলৈ পদ্মবিভূষণ, ৯ গৰাকীলৈ পদ্মভূষণ আৰু ৯১ গৰাকীলৈ পদ্মশ্ৰী বঁটা  প্ৰদান কৰা হয়। 

Leave a Reply

Your email address will not be published. Required fields are marked *