মুখ্যমন্ত্ৰীৰ ঘোষণাঃ বিধৱাসকলে লাভ কৰিব ৩০০ পৰিৱৰ্তে ১২০০ টকা

Share

বৃহস্পতিবাৰে সমগ্ৰ দেশ জুৰি উদযাপন কৰে ৭৪ তম গণৰাজ্য দিৱস। গুৱাহাটী খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্য়ালয় খেলপথাৰত কেন্দ্ৰীয়ভাৱে গণৰাজ্য দিৱস উদযাপন কৰা কাৰ্যসূচীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পতাকা উত্তোলন কৰে। খানাপাৰা গণৰাজ্য অনুষ্ঠানত মুখ্য়মন্ত্ৰীয়ে ভাষণৰ আৰম্ভণিতে সংবিধানৰ প্ৰণেতাক সোঁৱৰণ কৰে। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী গৰাকীয়ে দেশৰ সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া প্ৰতিগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনায়। এই অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। এই বছৰৰ এপ্ৰিলৰ পৰা বিধৱা মহিলাসকলে ৩০০ টকাৰ পৰিৱৰ্তে  ১২০০ টকা পেঞ্চন লাভ কৰিব বুলি উল্লেখ কৰে। ইয়াৰ উপৰিও কাশী বৃন্দাবনৰ দৰে কামাখ্যা মন্দিৰ উন্নয়নৰ বাবে ৩শ কোটি টকা, মিছন বসুন্ধৰাই অসমৰ মানুহক ভূমি প্ৰদান কৰাত সহায় কৰা, সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াই অসমীয়া মানুহক সুৰক্ষিত কৰিব বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে।

২৮ জানুৱাৰীত সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজি শ্বহীদ হোৱা আৰক্ষী লোকক চাকৰি প্ৰদান কৰা কথাও উল্লেখ কৰে। ২০২৩ চনত ৰাজ্যৰ দৰিদ্ৰতা নিৰ্মূলৰ বাবে বিশেষ আঁচনি গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে , ৫শ খন হাইস্কুল অত্যাধুনিক আন্তঃগাঁথনি নিৰ্মাণ কৰাৰ লক্ষ্য লৈছে। পুনৰ ছিপাঝাৰৰ ঢলপুুৰৰ সমান্তৰালকৈ কাজিৰঙাৰ বুঢ়াচাপৰিৰ উচ্ছেদৰ কথাও ঘোষণা কৰে। এইবছৰৰ ১৪ এপ্ৰিলত বৃহৎ ঢুলীয়া- বিহুৱা লৈ “গীণিজ বুক অফ ৰেকৰ্ড” ৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰে, ২০২৩ চনত ক্ৰীড়া মহোৎসৱ অনুষ্ঠিত কৰাৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। ইয়াৰ উপৰিও অহা বাজেটত যুৱক -যুৱতীক স্বাৱলম্বী হোৱাৰ বাবে ৩ হাজাৰ কোটি টকাৰ ধাৰ্য চৰকাৰে কৰিব বুলি উল্লেখ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *