দেশত ৭৪ সংখ্যক গণৰাজ্য দিৱসঃ ৰাজ্যৰ কোন গৰাকী মন্ত্ৰীয়ে কত উত্তোলন কৰিব ৰাষ্টীয় পতাকা

Share

গণতন্ত্ৰ দিৱসলৈ হাতত মাথো এটা দিন,বৃহস্পতি বাৰে হব লগা গণতন্ত্ৰ দিৱসৰ বাবে সমগ্ৰ দেশৰ লগতে সাজু হৈছে অসম বাসীও৷প্ৰতেক বছৰৰ দৰে এই বছৰো ৰাজ্য খনৰ প্ৰতি খন জিলা,মহকুমাত গণতন্ত্ৰ দিৱসৰ সাজু কৰি তোলা হৈছে৷উল্লখ যোগ্য যে সমগ্ৰ ৰাজ্যত উৎসাহ উদ্দীপন্নাৰ মাজেৰে গণৰাজ্য দিৱস পালনৰ বাবে ইতিমধ্যে যাৱতীয় প্ৰস্তুতি সম্পূূৰ্ণ হৈছে৷গণৰাজ্য দিৱসৰ সময়ছোৱাত যাতে কোনো ধৰণৰ বিসংগতিৰ সৃষ্টি তথা কোনো শক্তিয়ে যাতে দেশবিৰোধী কাৰ্যত লিপ্ত হব নোবাৰে তাৰ বাবে প্ৰতিখন পেৰেড গ্ৰাউণ্ডতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে৷ৰাজ্যৰ মূখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাৰ অসম পশু চিকিৎসা মহাবিদ্যালয় খেল পথাৰত গণৰাজ্য দিৱসৰ পতকা উত্তোলন কৰিব৷
মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কামৰুপত, অতুল বৰাই গোলাঘাটত, চন্দ্ৰমোহন পাটোৱাৰীয়ে যোৰহাতত, কেশব মহন্তই তেজপুৰত, ডাঃৰনুজ পেগুৱে নগাওত, অশোক সিংহলে নলবাৰীত,যোগেন মহনে ডিব্ৰুগড়ত,সঞ্জয় কিষানে তিনিচুকীয়াত,অজন্তা নেওগে শিৱসাগৰত, পীয়ূষ হাজৰিকাই লখিমপুৰত,বিমল বড়াই মঙলদৈত, জয়ন্ত মল্লবৰুৱাই ধুবুৰীত,পৰিমল শুক্লবৈদ্যই হাইলাকান্দিত,নন্দিতা গাৰ্লোছাই শিলচৰত, প্ৰমোদ বড়োৱে কোকোৰাঝাৰত, তুলিৰাম ৰংহাঙে ডিফুত, উত্তৰ কাছাৰ স্বায়ত্ত পৰিষদৰ মূখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোছাই হাফলংত আৰু বি.টি.চি ৰ উপ মূখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰীয়ে ওদালগুৰিত গণৰাজ্য দিৱসৰ পতকা উত্তোলন কৰিব৷এনে দৰে ৰাজ্য খনৰ বিভিন্ন প্ৰান্তত উৎসাহ উদ্দীপন্নাৰ মাজেৰে গণৰাজ্য দিৱস পালনৰ প্ৰস্তুতি সম্পূূৰ্ণ কৰি তুলিছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *