শ্বাহৰুখ খানক চেলেঞ্জ জুবিন গাৰ্গৰ

Share

বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানক চেলেঞ্জ দিলে যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গে। ২২ জানুৱাৰীত মংগলদৈৰ দুমুনী চকীত অনুষ্ঠিত হোৱা এক সাংস্কৃতিক অনুষ্ঠানত সংগীত পৰিৱেশনৰ মাজতে বহু চৰ্চাত থকা বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ ‘পাঠান’ চলচ্চিত্ৰখনক লৈ এক বিতৰ্কিত মন্তব্য় কৰে শিল্পীগৰাকীয়ে। অনুষ্ঠানৰ মাজতে হাস্যৰসিকভাৱে জুবিন গাৰ্গে কয় যে, “এইবাৰ পাঠান ৰিলীজ কৰিব শ্বাহৰুখ খানে, ড° বেজবৰুৱা ৰিলীজ কৰিম মই। মই প্ৰডিউচাৰ নহয় বাৰু মই এজন মিউজিক প্ৰডিউচাৰ, মই অভিনয় কৰিছোঁ তাত। গতিকে মই চাওঁ  শ্বাহৰুখ খানক ভাল পাই নে মোক বেছি ভাল পায়।”

জুবিন গাৰ্গৰ এই মন্তব্য়ক লৈ ইতিমধ্যে বহুল প্ৰচাৰ আৰু বিতৰ্ক হৈছে যদিও একাংশ অনুৰাগী শিল্পীগৰাকীৰ সমৰ্থনতো থকা দেখা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *